Breaking

মাজুলীত কলাগুৰু উদীয়মান যুৱ মঞ্চ বনগাঁও মাজুলীৰ বান সাহাৰ্য বিতৰণ

0 1,271

উজনি-মাজুলী : সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্যখনতো বৰ্তমান ক’ৰণাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতেই বানপানীয়ে যথেষ্ট ক্ষতি সাধন কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সহায়ৰ হাত আগবঢ়াই আহিছে। মাজুলীৰ তেনে এক অন্যতম মঞ্চ পূৱ মাজুলীৰ অগ্ৰণী অনুষ্ঠান ‘কলাগুৰু উদীয়মান যুৱ মঞ্চ’ বনগাঁও, মাজুলীয়ে বানপীড়িত লোকক কিছু সহায়ৰ হাত আগবঢ়াইছে। সংগঠনটোৱে কালি নামনি মাজুলীৰ দুই শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছত আজি উজনি মাজুলীৰ প্রায় শতাধিক ছাত্র-ছাত্রীৰ মাজত কাগজ, কলম আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। মানৱতা যে এতিয়াও শেষ হৈ যোৱা নাই তাকেই যেন পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে মাজুলী কলাগুৰু উদীয়মান যুৱ মঞ্চই।

Leave A Reply