Breaking

লকডাউনৰ পিছত যাত্ৰাৰ বাবে সাজু মাজুলীৰ মৃৎ শিল্পীৰ বনিজৰ নাও ।

0 574

দৈনন্দিন বাৰ্তা:

দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ব্যৱসায় কৰিবলৈ যাব নোৱাৰি গভীৰ সংকটৰ সন্মুখীন হোৱা উজনি মাজুলীৰ মৃৎশিল্পৰ ব্যৱসায়ী সকল এতিয়া ভৰ বাৰিষা মৰণত শৰণ দি বনিজলৈ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে। ব্যৱসায়ৰ বাবে সাজু হোৱা ব্যৱসায়ী সকলৰ পৰা জানিব পৰা মতে, ইতিমধ্যে তেওঁলোকৰ ৫০ শতাংশ কলহ টেকেলি নষ্ট হৈছে। বৰ্তমানো বহুতো লোকে প্ৰকৃতিৰ প্ৰতিকূলতাৰ বাবে বনিজলৈ যাবলৈ সাহস গোটাব পৰা নাই আৰু তেওঁলোকৰ কলহ টেকেলিসমূহ নদীৰ পাৰতে যহি খহি যাবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, শালমৰাৰ লোকসকলে মৃৎ শিল্পৰ ব্যৱসায়ৰ জৰিয়তে বছৰটোৰ ভাত মোকোলাই। কিন্তু চলিত বৰ্ষত ব্যৱসায়ৰ ভৰপক সময়তে ক’ভিড ১৯ৰ বাবে লক ডাউন আৰম্ভ হোৱাত কোনোজন ব্যৱসায়ীয়েই বনিজলৈ যাব নোৱাৰি বৰ্তমান গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এনে পৰিপ্ৰেক্ষিতত এই মৃৎ শিল্পৰ ব্যৱসায়ীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ সচেতন মহলে চৰকাৰলৈ আহ্বান জনাইছে।

Leave A Reply