Breaking

পালেং শাকৰ চালাড বনাই খাওঁক আৰু আয়ুস বৃদ্ধি কৰক…

0 96

এতিয়া পালেঙ শাকৰ সময় বাবে সকলো ঠাইতে শাকবিধ উভৈনদী । পালেঙত ভিটামিন-এ বা বিটাকেৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰোপৰি কেলচিয়াম, আইৰণ, আহ,কাৰ্বহাইড্ৰেত, প্ৰোটিন, খনিজ পদাৰ্থ, অজৈৱিক নাইট্ৰেত, প্লেবোন’ইড্স আদি থাকে। পালেঙ নিজ ইচ্ছানুযায়ী খাব পাৰি , যেনে :- পালেঙ আৰু মাছৰ তৰ্কাৰী , পালেঙ পনীৰ, পালেঙ ৰস , পালেঙ চালাদ , পালেঙ চাটনী, আটাৰ সৈতে মিলাই লুচি বা পৰথা ইত্যাদি। পালেঙৰ উপকাৰীতা সমূহ তলত উল্লেখ কৰা হল‌।


(১) পালেঙত বিটাকেৰটিন প্ৰচুৰ পৰিমাণে থাকে বাবে কুকুৰীকণা ৰোগ ভাল হয়। তাৰোপৰি চকুৰ ৰশ্মি কমিলে নিয়মিত পালেঙ খালে চকুৰ ৰশ্মি আৰু উজ্জ্বলতা বৃদ্ধি হয়।
(২) পালেঙ পাতৰ ৰস , নেমুটেঙাৰ ৰস আৰু গ্লিছাৰিন ভালদৰে মিহলাই মুখত সানিলে অথবা কেৱল পালেঙ পাত পিচিলৈ মুখত লেপদি ২০ মিনিটৰ পিছত ভালকৈ ধূব লাগে। ইয়াৰ ফলত মুখত সাঁচ পৰা, ক’লা দাগ আৰু শালমন ভাল হয়।
(৩) পালেঙত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে আৰু খোৱাৰ ফলত হাড়ৰ কেলছিয়াম কম হোৱা বা অষ্টিঅ’পৰছিচ তথা হাড়ৰ গাঠিৰ বিষ (osteo arthritis) ভাল হয়। বৃদ্ধ ব্যক্তিয়ে পালেঙ খালে হাড় আৰু মাংসপেশী সবল হৈ থাক। সৰু লৰা-ছোৱালীৰ দৈহিক গঠনত সহায় কৰে।


(৪) পালেঙ খালে অন্ধতা দূৰ হোৱাৰ উপৰিও আহজাতীয় খাদ্য হোৱা বাবে কোষ্ঠ কাঠিন্যতা নিৰ্মূল হয়। ডায়েবেটিচ ৰোগীয়ে পালেঙ খালে চকুৰ অন্ধতাৰ পৰা ৰক্ষা পৰে আৰু প্ৰয়োজনীয় কেলৰি আহৰণ কৰিব পাৰে।
(৫) পালেঙ পাতৰ ৰস আধাগিলাচৰ সৈতে গাজৰ ৰস আৰু নেমুটেঙাৰ ৰস মিলাই খালে শৰীৰৰ অতিৰিক্ত চৰ্বি নোহোৱা হয়।
(৬) পালেঙ শাকত অজৈৱিক নাইট্ৰেত থকা বাবে শৰীৰৰ মাংসপেশী আৰু হাড়ৰ গাঠি সবল কৰি ৰাখে। সেয়েহে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষত কমকৈ আক্ৰান্ত হয়।
(৭) গৰমৰ দিনত পেচাব হালধীয়া হলে, চৰ্দি, কাহ তথা কণ্ঠৰ ৰোগ ভাল হয়।
(৮)পালেঙ পাতৰ ৰস আধাগিলাচকৈ কিছুদিন খালে খহতা আৰু শুকান ছাল মসৃন আৰু উজ্জ্বল হয়।
(৯) পালেঙত যথেষ্ট পৰিমাণে আইৰণ আৰু ফলিক এচিড থকা কাৰণে ৰক্তহীনতা , গৰ্ভৱতী, সন্তান থকা মাতৃৰ কাৰণে উপকাৰী। তাৰোপৰি পালেঙ খালে মাতৃদূগ্ধৰ পৰিমাণ বৃদ্ধি হয় কাৰণে সন্তান সুঠাম আৰু স্বাস্থ্যৱান হয়।


(১০) পালেঙ শাক খালে চুলিৰ গুৰিবোৰ মজবুত হয় বাবে চুলি নসৰে। চুলিয়ে তৈলগ্ৰন্থিৰ পৰা যথোচিত পৰিমাণে পোষণ পাই থাকে।
(১১) পালেঙত প্লেবোন’ইড্ স নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ই এন্টিঅক্সিডেন্ট হিছাপে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ৰোগমুক্ত কৰি ৰাখে। এন্টিঅকচিডেন্টৰ কাৰণে এলাৰ্জী আৰু শ্বাস-প্ৰশ্বাস জনিত ৰোগ কমকৈ হয়।
(১২) পালেঙ খালে বাৰ্ধক্য চাপ কমকৈ পৰে কাৰণে বৃদ্ধ ব্যক্তিও চপল ডেকাৰ দৰে তজবজীয়া হৈ থাকিব পাৰে।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া

Leave A Reply