Breaking

মালয়েছিয়া ইনভাইটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বপ, ভাৰতীয় দলত অসমৰ ছয়গৰাকী সাঁতোৰবিদ…

0 47

ৰঙালী বিহুৰ পূৰ্বে সমগ্ৰ অসমবাসীলৈ সুখৱৰ কঢ়িয়াই আনিছে অসমৰ ছয়গৰাকী সাঁতোৰবিদে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা এই সাঁতোৰবিদকেইগৰাকীয়ে বিভিন্ন বয়ো গ্ৰুপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ এই সাঁতোৰবিদ কেইগৰাকী হ’ল— আন্তৰ্জাতিক সাঁতোৰবিদ শিবাংগী শৰ্মা, ৰাষ্ট্ৰীয় সাঁতোৰবিদ জাহ্নৱী চাংমাই, জনঞ্জয় হাজৰিকা, পাহি বৰা, শুভ্ৰাশিনী প্ৰিয়দৰ্শিনী আৰু তিৰ্থাংক পেগু৷

এই ছয়গৰাকী সুদক্ষ সাঁতোৰবিদে ৫৯ সংখ্যক মালয়েছিয়া ইনভাইটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিব৷ ৱৰ্ল্ড একুৱেটিকছৰ অনুমোদিত এই প্ৰতিযোগিতাখন অহা ২৫ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ কুৱালা লামপুৰৰ স্পৰ্টছ চিটীৰ নেচনেল চেন্টাৰত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে অসমৰ এই প্ৰতিভাবান সাঁতোৰবিদ কেইগৰাকীয়ে সম্প্ৰতি দেশৰ আগশাৰীৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ দিল্লী গ্লেনমাৰ্কত সাঁতোৰৰ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ গ্লেন মাৰ্কত তেওঁলোকে আগশাৰীৰ প্ৰশিক্ষক পাৰ্থ মজুমদাৰ আৰু আন কেইবাগৰাকী প্ৰশিক্ষকৰ অধীনত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷ ভাৰতীয় দলটোৰ লগতে অসমৰ খেলুৱৈকেইগৰাকী অহা ২২ এপ্ৰিলত মালয়েছিয়া অভিমুখে ৰাওনা হ’ব৷

Leave A Reply