Breaking

হাতী মানুহৰ সংঘাতৰ তীব্ৰ ৰূপ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত

0 120

ওদালগুৰি

সমগ্ৰ বিশ্বত ক’ৰ’ণাৰ আতংক তথা আৰ্থিক আৰু খাদ্যৰ সংকটে দেখা দিছে সময়তে ওদালগুৰি জিলাৰ ভাৰত -ভুটান সীমান্তত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত৷ যোৱা সোমবাৰৰ সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুচিৰ থানাৰ অন্তৰ্গত ১ নং শগুনবাৰী গাঁৱৰ নিবাসী  টাউকে দৰ্জী (৪০) নামৰ ব্যক্তিজনে হাতী খেদিবলৈ চেষ্টা কৰোতে হাতীয়ে আক্ৰমণ কৰে৷ ফলত তেওঁৰ ভৰি এটা সম্পূৰ্ণ ৰূপে চেপেটা হৈ যায়৷ বৰ্তমান তেওঁক উন্নত চিকিৎসাৰ বাবে ওদালগুৰি জিলাৰ অসামৰিক চিকিৎসালয়ৰ লৈ প্ৰেৰণ কৰে৷ লগতে যোৱা সোমবাৰৰ নিশা প্ৰায় দুই বজাত পানেৰি থানাৰ অন্তৰ্গত ওৰাঙ্গাজুলি চাহ বাগিচাৰ লহ তান্তী নামৰ মনুহজনৰ ঘৰ হাতীয়ে ভাগি সম্পূৰ্ণ ৰূপে ধংসস্তুপত পৰিণত কৰে আৰু তেওঁলোকৰ সকলো ঘৰৰ সা-সামগ্ৰী, বাচন- বৰ্তন, চাউল-দাইল, কাপোৰ, ৰন্ধন গেছ আদি সম্পূৰ্ণ ৰূপে নষ্ট কৰে৷ অৱশ্যে পৰিয়ালে আন্ধাৰৰ সুযোগলৈ কথমপী প্ৰাণ ৰক্ষা কৰে।

Leave A Reply