Breaking

ৰাজ্য কঁপোৱা ঈশান উদয় জলপানি কেলেংকাৰীত জড়িত ব্যক্তি আৰক্ষীৰ জালত

0 1,228

বৰপেটা আৰক্ষীৰ তৎপৰতাতভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাতৰ পৰিকল্পনা কৰা  ৪ অভিযুক্তক  বৰপেটা আৰক্ষীযে আটক কৰিবলৈ সক্ষম হৈছে ।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক আটক হোৱাৰ পিছত   এইবাৰ আন তিনিজন  ক্ৰমে  ৰূপচান্দ আলী,ছাহানুৰ আলী আৰু ছহিদুল মিঞাক আটক কৰে। লগতে আচাৰুদ্দিন,তাৰু আলী,ছাদ্দাম শিকদাৰ,দানিচ খান,স্বপ্নিআৰা খাতুন,হালেদা বেগম আৰু মহিৰুদ্দিনসহ  এই ৭ জনক সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে। এই অভিযুক্ত সকলৰ জিম্মাৰ পৰা  ১২ টা মোবাইল ফোন, ২ টা প্ৰিণ্টাৰ আৰু এটা লেপটপ, ৪৭ খন ডেবিট কাৰ্ড,৫ টা বেংক পাছবুক,এটা চেকবুক,২ খন আধাৰ কাৰ্ড জব্দ কৰে। উল্লেখ্য যে বৰপেটাৰ এম চি কলেজৰ অধ্যক্ষ ড° প্ৰকাশ শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ-আটক কৰাৰ লগতে কেতবোৰ নথি-পত্ৰসহ তথ্য প্ৰযুক্তিৰ বিভিন্ন সামগ্ৰী আদি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।অৱশ্যে কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দামালজাৰ গাঁওৰ মিনহাজুল হক আৰু শিলা গাঁওৰ ৰকিবুল খান এতিয়াও পলাতক অৱস্থাত আছে । তথ্য অনুসৰি 291 গৰাকী ভুৱা শিক্ষাৰ্থীক এম চি কলেজৰ ছাত্ৰ-ছাত্ৰী বুলি দেখুৱাই ঈশান উদয় জলপানিৰ নামত 1.88 কোটি টকা আত্মসাতৰ পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰটোৱে। নথি-পত্ৰৰ সত্যতা নিৰূপণৰ সময়ত দুষ্ট চক্ৰটোৰ গোপন পৰিকল্পনাৰ সমগ্ৰ তথ্য পোহৰলৈ অহাত অৱশেষত বৰপেটা সদৰ থানাত গোচৰ তৰে এম চি কলেজৰ অধ্যক্ষই।

Leave A Reply