Breaking

মহাৰাষ্ট্ৰত কোৰিয়াৰ বল্’গাৰক অশালীন আচৰণ কৰা ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ…

0 45

মহাৰাষ্ট্ৰত কোৰিয়াৰক বল্’গাৰক অশালীন আচৰণ কৰা ব্যক্তিক অৱশেষত গ্ৰেপ্তাৰ
পুনেত দক্ষিণ কোৰিয়াৰ এজন ভ্লগাৰক এজন লোকে নিৰ্যাতন কৰে৷ নিৰ্যাতন কৰা লোকজনক এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ নাম ভাৰত উঞ্চলে,ব্যক্তিজন মূলতঃ কৰ্ণাটকৰ বিদাৰৰ। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বহুলভাৱে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে কোৰিয়ান পৰ্যটক কেলিয়ে স্থানীয় এখন দোকানত দোকানী আৰু গ্ৰাহকৰ সৈতে কথা-বতৰা পাতি আছিল। হঠাতে পটভূমিত দুজন মানুহ দেখা দিয়ে আৰু এজনে কেলিৰ ডিঙিত হাতখন থৈ পৰ্যটকগৰাকীক ধৰি লয়। কেলিয়ে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰাৰ পাছতো হাৰাশাস্তি অব্যাহত ৰাখে, যাৰ ফলত কেলিৰ বাবে পৰিস্থিতি অধিক অস্বস্তিকৰ হৈ পৰে ৷

ভিডিঅ’টোত কেলিয়ে কোৱা শুনা গৈছে যে “মই ইয়াৰ পৰা দৌৰিব লাগিব”। কেলিয়ে দীপাৱলী উদ্‌যাপনৰ সময়ত পিম্পৰী-চিঞ্চৱাদ অঞ্চললৈ আহিছিল আৰু যোৱা সপ্তাহত এই ভিডিঅ’টো নিজৰ ইউটিউব চেনেলত পোষ্ট কৰিছিল।উল্লেখ্য যে, একেধৰণৰ ঘটনাত যোৱা বছৰ মুম্বাইত দক্ষিণ কোৰিয়াৰ আন এজন ভ্লগাৰক ষ্ট’কিং, হাৰাশাস্তি কৰাৰ অপৰাধত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply