Breaking

মানাহ নদীৰ গৰাখহনীয়াঃ খৰালিতেই নিদ্ৰা হৰিছে নৈ পৰীয়া ৰাইজৰ

0 1,023

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাপাৰাত মানাহ নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ। খৰালীৰ সময়তো গৰাখহনীয়াৰ কবলত পৰিছে শ শ বিঘা কৃষিভূমি। নদীৰ বুকুত জাহ গৈছে কৃষকৰ হাড়ভঙা পৰিশ্ৰমেৰে উৎপাদিত সেউজীয়া শস্য। বিগত বাৰিষাৰ সময়ত মানাহ নদীয়ে গোলাপাৰাৰ এখন ৰাজহ গাওঁ নিচিহ্ন কৰি পেলোৱাৰ পিছত এইবাৰ খৰালীৰ পৰা আৰম্ভ হৈছে গৰাখহনীয়া। মানাহ নদীৰ ওপৰত থকা পকী দলংৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি।

অঞ্চলটোৰ মাজেৰে যোৱা কীৰ্ত্তন পাৰা নাম্বাৰ পাৰা চাকলা সংযোগী এক মাত্ৰ পকী ৰাস্তা খনো নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। গোলাপাৰা বজাৰ, ৰাস্তা ঘাট, কেইবাটাও শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিও মানাহ নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইমানৰ পিছতো গৰাখহনীয়াৰ ৰোধৰ বাবে জিলা প্ৰসাশন, জনপ্ৰতিনিধি তথা জলসম্পদ বিভাগৰ কাণসাৰ নাই। এক প্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে জনপ্ৰতিনিধি। বাৰিষাৰ আগতেই মানাহ নদীৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে।

Leave A Reply