Breaking

‘নিয়া’ৰ বিশেষ আদালতৰ ৰায়ক আদৰণি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । মানস কোঁৱৰ আৰু বিতু সোনোৱাল জামিন মঞ্জুৰে সৰ্বানন্দ সোনোৱাল চৰকাৰৰ ষড়যন্ত্ৰ উন্মোচিত কৰিলে।

0 1,291

গুৱাহাটী :
বিগত সাত মাহ ধৰি ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কাৰাগাৰৰ বন্ধ কুঠুৰীত আৱদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ইজনৰ পিছত আনজন কাৰাবন্দী মুকলি আকাশৰ তললৈ অহাৰ খবৰে কৃষক মুক্তি সংগ্ৰাম সমিতি ৰ নেতা-কৰ্মী – সমৰ্থক সকলক উৎসাহিত কৰাৰ লগতে অসমৰ সংগ্ৰামী জনতা মাজতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। যোৱা ১৩ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন নিয়া’ৰ বিশেষ আদালতে মঞ্জুৰ কৰাৰ পিছত আজি নিয়া’ৰ বিশেষ আদালততে পুনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱালৰ জামিন মঞ্জুৰ কৰাত স্বাভাবিকতে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে। আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই আদালতৰ এই ৰায়ক আদৰণি জনায়। নাগৰিকত্ব সংশোধন আইন বিৰুদ্ধে গণতান্ত্ৰিকভাবে আন্দোলন গঢ়ি তুলি বিজেপি- আৰ এছ এছ’ৰ ফেচীবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ তীব্ৰ প্ৰত্যাহ্বান হৈ ঠিয় দিয়া কৃষক নেতা অখিল গগৈ আৰু কৃষক মুক্তিসংগ্ৰাম সমিতিক একমাত্ৰ ৰাজনৈতিক শত্ৰু হিচাপে গণ্য কৰি লৈছে সৰ্বানন্দ সোনোৱাল চৰকাৰে ।যাৰবাবে যোৱা ১২ডিচেম্বত যোৰহাট পৰা গ্ৰেপ্তাৰ কৰা অখিল গগৈ আৰু তেওঁৰ তিনি সতীৰ্থ ক্ৰমে ধৈৰ্য কোঁৱৰ,বিতু সোনোৱাল আৰু মানস কোঁৱৰক এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি যোৱা সাতমাহে ধৰি কাৰাগাৰত আবদ্ধ কৰি ৰখা হৈছে। চৰকাৰৰ এই ষড়যন্ত্ৰ বিৰুদ্ধে এক দীঘলীয়া আইনী যুঁজৰ অন্ততঃ যোৱা ১৩ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱাল নিয়া’ৰ বিশেষ আদালতে জামিন মঞ্জুৰ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উল্লেখ কৰে যে- অসমৰ সৰ্বস্তৰৰ ৰাইজৰ প্ৰতিবাদ, দাবী আৰু শুভ ইচ্ছাৰ বাবে চৰকাৰখনে কৃষক মুক্তি সংগ্ৰাম সমিতিক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ বাবে যি কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছিল সেয়া সম্ভৱ নহ’ল।যিহেতু ভুৱা আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক কাৰাবন্দী কৰি ৰখা হৈছিল সেয়ে শেহতীয়াকৈ দুজনকৈ নেতাই মুকলি আকাশৰ তললৈ অহা বিষয়টোৱে আদালতৰ মজিয়াত এই কথাবোৰ উন্মোচিত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৰ্গই অভিযোগ উত্থাপন কৰে। বিগত সাতমাহে ধৰি আদালতত আইনী সাহাৰ্য্য আগবঢ়োৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰৰ উদ্যোগত জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী, জিয়াউৰ কামাৰকে ধৰি কিশোৰ কুমাৰ কলিতা, কৃষ্ণ গগৈ, ৰাহুল শেনচোৱা, মনোজ দেউৰী, বিনীতা বড়ো, দিগন্ত ৰাজখোৱা, ডিম্পুল চুতীয়া, দেবজিত গগৈসহ এক বৃহৎ অধিবক্তাৰ দলে আইনী কাম-কাজ সমূহ চোৱাচিতা কৰিছে। এইকেইগৰাকী অধিবক্তাৰ উপৰিও অসমৰ অন্য জিলা সমূহত বিনা পাৰিশ্ৰমিকেৰে আইনী সাহায্য আগবঢ়োৱা সকলো অধিবক্তালৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আনপিনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাবন্দী নেতা সকলৰ মুক্তিৰ বাবে অসমৰ বহু ব্যক্তি বিশেষ, শুভাকাংক্ষী আৰু সমৰ্থক আইনী সাহাৰ্য্য প্ৰদানৰ বাবে আগবাঢ়ি আহিছে সেই সকললৈকেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply