Breaking

ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখলেৰে টিংখাঙলৈ গৌৰৱ কঢ়িয়াই আনিছে নীলমনিৰ মানস উত্তম নেওঁ‌গে।

0 63

টিংখাং

সমগ্ৰ বিশ্বৰ লগতে ভৰতবৰ্ষতো এতিয়া ক’ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কভিড-১৯ ৰ সংক্ৰমণ। তাৰমাজতে টিংখাং মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপক ভাস্কৰ নেওঁ‌গ আৰু নীলমনি আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰিজুমণি নেওঁ‌গৰ আজি ১৭ সংখ্যক বিবাহ বাৰ্ষিকী দিনটোতে একমাত্ৰ সন্তান টিংখাঙৰ নীলমনিৰ নিবাসী মানস উত্তম নেওঁ‌গে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতেই পঞ্চম স্থান দখল কৰি বৃহত্তৰ টিংখাং অঞ্চলৰ লগতে নীলমনি আদৰ্শ জাতীয় বিদ্যলয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতে সাধাৰণ গণিতত ১০০,বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ১০০,ঐচ্ছিক গণিতত ৯৯,ইংৰাজীত ৯৬  আৰু অসমীয়াত ৯৪ নম্বৰেৰে সৰ্ব্বমুঠ ৫৮৯ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ক্ৰিকেট খেলি ভালপোৱা মানসে নিতৌ ১২ ঘন্টাকৈ অধ্যয়ন কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। উল্লেখ্য যে  পাঠ্যক্ৰমৰ বিষয়সমূহ অধ্যয়ন কৰাৰ উপৰিও লক্ষ্মীনাথ বেজবৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য মানস উত্তমৰ প্ৰিয়। ভৱিষ্যতে এজন ভাল অভিযন্তা হোৱাৰ সপোন দেখা মানস উত্তমে বিজ্ঞান শাখাত নামভৰ্তি কৰিব ডিব্ৰুগড়ৰৰ ৰাধাকৃষ্ণ জুনিয়ৰ কলেজত। সৰুৰে পৰা অতি অমায়িক তথা শান্ত স্বভাৱৰ মানস উত্তম নেওঁ‌গৰ এক উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে সমগ্ৰ টিংখাঙ বাসী ৰাইজে লগতে ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰি টিংখাঙলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে বৃহত্তৰ টিংখাঙ অঞ্চলবাসী উল্লাসিত হোৱা পৰিলক্ষিত হৈছে।কৃতি ছাত্ৰগৰাকীক ফলাফল ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজগড় উদয়ন পথত থকা ভাড়াত বিভিন্ন দল সংগঠন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

Leave A Reply