Breaking

মুক্তি পালে মংগল নায়কৰ চুটি ছবি “প্ৰাণেৰ চুগা”…

0 117

অলপতে আদিবাসী চাহ জনগোষ্ঠীৰ জনপ্রিয় কণ্ঠশিল্পী, গীতিকাৰ, অভিনেতা, পৰিচালক মংগল নায়কৰ এক মনোমোহা, হৃদয়স্পর্শী চুটি ছবি “প্ৰাণেৰ চুগা” আমনি (নগাওঁ) হকী ফিল্ডত অনুষ্ঠিত হোৱা জাতীয় মহা অভিৱৰ্তন অনুষ্ঠানত শুভ উদ্বোধন কৰা হয়। ছবি খনৰ কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু পৰিচালনা মংগল নায়কৰ। ছবি খনৰ কাহিনী শৈক্ষিক, অৰ্থনৈতিক ভাৱে নিশকতীয়া এগৰাকী শাৰিৰীকভাৱে বিশেষ অক্ষম যুৱতীৰ ওপৰত আধাৰিত।

শাৰিৰীকভাৱে অক্ষম হলেও শিক্ষাৰ পোহৰ দি, সহায়ৰ হাত বঢ়াই মানসিকভাৱে প্ৰস্তুত কৰিলে এগৰাকী শাৰিৰীক অক্ষম লোকেও যে দেশৰ সু নাগৰিক হ’ব পাৰে ছবি খনত দেখুৱা হৈছে। ছবি খন চাপানালাৰ বিভিন্ন লোকেচনত চিত্ৰগ্ৰহণ কৰা হৈছে। ছবি খনত কণ্ঠদান কৰিছে সুজাতা কাৰ্তিক। গীতৰ কথা মংগল নায়কৰ।

চিত্ৰগ্ৰহণ কৰিছে চাজু। সম্পাদনা চাবিৰ আহমেদৰ। আৱহ সংগীত জেচনৰ। ছবি খনত অভিনয় কৰিছে- মনোৱাৰ হুছেইন, শেৱালী ভূমিজ, পাৰ্বতী গগৈ, শিৱ গগৈ, ৰাজা বসুমতাৰী,মঞ্জু ৰাজোৱাৰ ভূমিজ, হজৰত আলীৰ লগতে বহু ন-পুৰণি শিল্পী। শিশু শিল্পীৰ অভিনয় কৰিছে সুপ্ৰীতি নায়কে। ছবিখন শীঘ্রই মংগল নায়ক অসম ইউটিউব চ্যানেলত উপভোগ কৰিব পাৰিব।

Leave A Reply