Breaking

মঙলদৈত আৰক্ষীক মাস্ক, ছেনিটাইজাৰ প্ৰদান সাংসদ দিলীপ শইকীয়াৰ

0 52

মঙলদৈ

 বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰোণা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে হৈছে প্ৰকৃত যোদ্ধা। নিজৰ জীৱনকো তুচ্ছ কৰি আৰক্ষীয়ে দেশৰ বাবে যি সেৱা আগবঢ়াই আছে তাৰ বাবে তেওঁলোকলৈ কৃতজ্ঞতা জনাইছোঁ। এইক্ষেত্ৰত দৰং আৰক্ষীৰ ভূমিকা প্ৰসংশনীয়৷ এইদৰে কয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। সোমবাৰে দৰং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক, জিলাখনৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এখনি বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছত লকডাউন সফল কৰাত আৰক্ষীয়ে প্ৰধান ভূমিকা লোৱা বুলি শইকীয়াই কয়। সাংসদজনে আৰক্ষী বিষয়া সকলক মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে। অনুষ্ঠানত মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং আৰক্ষী অধীক্ষক অমৃত ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা উপস্থিত থাকে। ইয়াৰ পিছতে সাংসদ গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। তদুপৰি মুক্তাপুৰত অনুষ্ঠিত এক অনুষ্ঠানত সাংসদ শইকীয়াই এশ গৰাকী দিব্যাংগ ব্যক্তিৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

Leave A Reply