দৰঙৰ নামখলা গাও পঞ্চায়তৰ অন্তৰ্গত আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ত মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী সভা এখন আজি অনুষ্ঠিত হয় ৷ নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝাই ৷ নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি ভাষন প্ৰদান কৰে দলগাওঁ শিক্ষক সন্মিলনীৰ সভাপতি মাহবুব ৰহমান খলিফাই ৷
মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৌজন্যত বিভিন্ন সময়ত ৰূপায়িত বান সাহায্য, ক’ভিদ দুৰ্যোগৰ সাহায্য আদি জনকল্যাণমুলক সেৱাত অৰিহনা আগবঢ়োৱা প্ৰায় ৪৪ গৰাকী শিক্ষকক সন্মিলনীৰ তৰফৰ পৰা প্ৰশংসা প্ৰত্ৰ আগবঢ়াই ৷ আনহাতে নামখলা প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মাই অনুষ্ঠানৰ আদৰনী ভাষন, যুটীয়া সম্পাদক মুকুটমনি শইকীয়া আৰু কেন্দ্ৰ সম্পাদক শান্তিৰঞ্জন শইকীয়াই সম্বৰ্ধনা অনুষ্ঠানৰ আতধৰে ৷শলাগৰ শৰাই আগবঢ়াই আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিমলা হাজৰিকাই
নামখলাৰ পৰা দ্বীপেন ডেকা

