গ্ৰীষ্মকালত প্ৰতিখন ঘৰতে আম পোৱা যায়। আম খোৱাৰ পিছত আমি আমৰ বাকলি বোৰ পেলাই দিওঁ। আপুনি জানেনে আমৰ বাকলি ব্যৱহাৰ কৰি ফেচ মাস্ক বনাব পাৰি। আমৰ বাকলি পেলাই দিয়াৰ সলনি শুকুৱাই গুড়ি কৰি থ’ব। তাৰ পিছত, সেই পাউদাৰ ব্যৱহাৰ কৰি ফেচ মাস্ক বনাব।
আমৰ বাকলিৰ পৰা তৈয়াৰী ফেচ মাস্ক লগালে মুখত জিলিকি উঠিব। এই পেকটো আপুনি সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিব পাৰে। আমৰ বাকলি ব্যৱহাৰ কৰি ঘৰতে কেনেকৈ ফেচ পেক বনাব পাৰি জানো আহক।
প্ৰথমে আমৰ বাকলি খিনি পানীত তিয়াই ভালদৰে পৰিষ্কাৰ কৰিব লাগে। তাৰ পিছত, ৰ’দত শুকুৱাই ল’ব। গৰম ৰ’দত আমৰ বাকলি শুকুৱাই মিক্সাৰত ভৰাই পিহি মিহি গুড়ি কৰি ল’ব। এই পাউদাৰ ব্যৱহাৰ কৰি ফেচ পেক বনাব।
আমৰ বাকলিৰ গুড়ি এচামুচ লৈ গোলাপ পানীৰ লগত মিহলাই মুখত লগাব। ২০ মিনিটৰ পিছত মুখখন ধুব।
আমৰ বাকলিৰ গুড়ি দৈৰ লগত মিহলাই ব্যৱহাৰ কৰিব পাৰে। দৈত লেক্টিক এচিড থাকে, যিয়ে দাগ আৰু ৰং কমোৱাত ফলপ্ৰসূ। এই ফেচ মাস্ক প্ৰয়োগ কৰিলে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
মুখৰ গ্লো বৃদ্ধি কৰিবলৈ কেঁচা গাখীৰৰ লগত আমৰ বাকলি গুড়ি কৰি মিহলাই মুখত লগাওক। কেঁচা গাখীৰে আপোনাৰ ছালখন কোমল কৰি তোলাত সহায় কৰে। আপোনাৰ ছালৰ গ্লো বৃদ্ধি কৰিবলৈ আপুনি এই ফেচ মাস্কটো সপ্তাহত দুবাৰকৈ লগাব পাৰে।
যদি আপুনি মুখখন স্ক্রাব কৰিব বিচাৰে তেন্তে কফি পাউদাৰৰ লগত আমৰ বাকলিৰ গুড়ি মিহলাই মুখত লগাব পাৰে। কফি আৰু আমৰ বাকলি গুড়ি নাৰিকল তেলৰ লগত মিহলাই মুখত লগাব। ইয়াৰ ফলত আপোনাৰ ছালৰ ৰং পৰিষ্কাৰ হ’ব।

