Breaking

মণিকা টেৰণপীৰ কাব্য সংকলন ‘আৰলেং’ উন্মোচন…

0 63

মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ লগে লগে অভ্যাস আৰু কৰ্মদক্ষতাৰো বৃদ্ধি পায়। ইয়াৰ সমান্তৰালকৈ চিন্তা-ভাবনাৰ মান দিনক দিনে সলনি হৈ গৈ থাকে। তাৰ ফলস্বৰূপে বিভিন্ন বিষয়ৰ অধ্যয়নস্বৰূপ ধাৰা সৃষ্টি হয়। এই ধাৰাৰে এটা হ’ল সাহিত্য। সাহিত্যৰ এটা অন্যতম উপধাৰা কবিতা। দেওবাৰে গুৱাহাটীস্থিত হোটেল গেটৱে গ্ৰেণ্ডিঅ’ৰত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই নবীন কবি মণিকা টেৰণপীৰ কাব্যগ্ৰন্থ ‘আৰলেং’ উন্মোচন কৰে।

গ্ৰেণ্ডিঅ’ৰত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি শইকীয়াই আৰলেং উন্মোচন কৰি কয়— একোখন গ্ৰন্থই বঁটা পালেই এই গ্ৰন্থখনৰ মান উন্নত হৈ নাযায়। মান এটা মাপ। এখন গ্ৰন্থই বঁটা পালে এই গ্ৰন্থখনে গ্ৰন্থ অনুৰাগীৰ মাজত জনপ্ৰিয়তা লাভ কৰাটো স্বাভাৱিক যদিও গ্ৰন্থখনৰ মানৰ মূল্যাংকন সেই সময়ত উপযুক্ত ৰূপতহে হয়। ফলত গ্ৰন্থখনক লৈ অনুৰাগীৰ অনুৰাগ বৃদ্ধিহে পায়। তেনে ক্ষেত্ৰত ভিন্নৰুচিৰ গ্ৰন্থপ্ৰেমীয়ে বঁটা পোৱা গ্ৰন্থখনৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰা মতে বিষয়গত হওক বা কাহিনীয়েই হওক অথবা উপস্থাপন শৈলীয়েই হওক, নাপালে হতাশ হোৱাটো স্বাভাৱিক।

সেই বাবেই বঁটা পালেই একোখন গ্ৰন্থৰ মান উন্নত নহয় বা বঁটা নোপোৱাকৈ থাকি যোৱা বহু গ্ৰন্থৰ মান বঁটাৰে নিৰূপণ নকৰিলেও মান বহু বেছি। সেই বাবে একোখন গ্ৰন্থৰ মানৰ মূল্যাংকন বঁটাৰে কেতিয়াও জুখিব নালাগে। আনহাতে, উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী বীৰেন সিংহ, বিশিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক তথা সমালোচক জ্যোতি খাটনিয়াৰ, বিশিষ্ট কবি প্ৰেম নাৰায়ণ নাথ, আৰক্ষী বিষয়া লংনিট তেৰাং। আজি পুৱা অনুষ্ঠিত মণিকা টেৰণপী আৰলেঙৰ সৈতে এটি ক্ষণ অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থকা জ্যোতি খাটনিয়াৰে কয়— কবি মণিকা টেৰণপীৰ কবিতাই এটা নতুন ৰূপ ধাৰণ কৰিছে। কবিতাই পাঠকক ধৰি ৰাখিব পৰাটো আৰু আকৰ্ষণ কৰিব পৰাটো এটা অঘোষিত ধনাত্মক গুণ। কবি টেৰণপীৰ কবিতাই এনে গুণৰ সমাহাৰৰ মাজত আবদ্ধ।

অসমীয়া সাহিত্যৰ পথাৰত মহিলা কবিয়ে এটা উচচ স্থান দখল কৰিব পৰাটো অতি শুভলক্ষণ। এইক্ষেত্ৰত অসমৰ এগৰাকী স্বনামধন্য কবি, গল্পকাৰ, ঔপন্যাসিক তথা কথাশিল্পী হোমেন বৰগোহাঞিৰ অৱদান সবাতোকৈ গুৰুত্বপূৰ্ণ। কথা শিল্পী বৰগোহাঞিয়ে মহিলা কবিসকলক কাব্য চৰ্চাৰ বাবে প্ৰেৰণা দিয়াই নহয়, তেওঁলোকৰ কবিতা প্ৰকাশ কৰি অনুপ্ৰেৰণা যোগাইছিল আৰু এখন ক্ষেত্ৰ মুকলি কৰি দিছিল আৰু এতিয়া তাৰেই বহিঃপ্ৰকাশ ঘটিলে বিভিন্ন মাধ্যমত কবিতা চৰ্চাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা বহু মহিলা কবি। প্ৰথম শিল্পী মহিলাই আছিল বুলি নিৰ্দিষ্ট বক্তা জ্যোতি খাটনিয়াৰে উল্লেখ কৰি কয়, কবিতাই ভাবৰ যতিত প্ৰাণ দিয়ে। কাব্য গ্ৰন্থ আৰলেঙৰ বেটুপাত শিল্পী তথা বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই কয়— কৰ্মই ব্যস্ততা বঢ়ায়। মই মোৰ নিজৰ কামৰ বাহিৰে আন কথা চিন্তা কৰিবলৈ সময় নাপাওঁ।

তথাপি কিছুমান অনুষ্ঠানলৈ নহাকৈ এৰাই চলিব নোৱাৰো। সেই বাবেই ভাল লাগে, আহিলেই এনে অনুষ্ঠান সুন্দৰ হৈ পৰে, উপভোগ কৰিব পাৰোঁ, শিল্পীয়ে প্ৰাণ দিব পাৰে, কবিয়েও সৃষ্টিৰ জৰিয়তে ভাবৰ সঞ্চাৰ কৰে, কবি টেৰণপীয়েও কবিতাক ভাবৰ পৰা তুলি এটা নিতুল ৰূপ দিছে। যুৱ কবি ৰণাল্ডো টাইডে আঁত ধৰা আজিৰ কবিতা উন্মোচন অনুষ্ঠানত বিশিষ্ট কবি তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া প্ৰেম নাৰায়ণ নাথে কবিতা পাঠ কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা আৰক্ষী বিষয়া লংনিট তেৰাঙেও দুআষাৰ কয়।

পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা আৰলেং উন্মোচনী অনুষ্ঠানত কবিতা পাঠ কৰে সৌৰভ গগৈ, অসীম কুমাৰ হাজৰিকা, দীপিকা ফুকন, প্লাৱন কাকতি, সুভণ্টি দেউৰী, মেঘালী বৰুৱা শইকীয়া, মনালিছা ভৰালী শৰ্মা, জ্যোতিৰ্ময় হাজৰিকা, বৰ্ণালী ডেকা বৰঠাকুৰে। গীতে-কবিতাই জীপাল হৈ পৰা গ্ৰন্থ উন্মোচন তথা আলাপ অনুষ্ঠানটোত উপস্থিত থাকে যুৱ কবি ড০ কমল কুমাৰ তাঁতী, ৰুমী বৰা, ড০ কৰবী চৌধুৰী, জয়ন্ত বৰুৱা, ৰুণা লাইলা, ইপুল হুছেইন, ৰিপুঞ্জয় বৰা, মৌচুমী ৰাজখোৱা, ৰূপজ্যোতি দেৱনাথ, গীতা হােঞ্ছপী, মনালিছা ৰংপিপী, ভূপেন মহন্ত, আব্দুল আলিম, প্ৰকাশক ড০ অমৃত কুমাৰ উপাধ্যায়, দীপশিখা ফুকন আৰু অংশুমান ৰাজা।

Leave A Reply