Breaking

কলিকতাৰ বৰ্ধনত ভাৰত সাংস্কৃতিক মহোৎসৱত উজ্জলিল উত্তৰ গুৱাহাটীৰ মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়

0 44

উত্তৰ গুৱাহাটীৰ লগতে অসমৰ সাংস্কৃতিক জগতৰ এটি অগ্ৰণী অনুষ্ঠান মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়। ২০২১ চনত প্ৰতিস্থা হোৱা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত প্ৰতিযোগিতাসমূহত পদক অৰ্জন কৰি সুখ্যাতি অৰ্জন কৰি আহিছে।অতি কম সময়ৰ ভিতৰত প্ৰতিষ্ঠা হোৱা এই সংগীত বিদ্যালয় খনে অসমৰ লগতে দেশৰ বিভিন্ন ঠাইত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।


অলপতে কলিকতাৰ বৰ্ধনত অনুষ্ঠিত সত্ৰীয়া নৃত্য , বিহু নৃত্য আৰু ভোৰতাল নৃত্যত পদক অৰ্জনেৰে সুনাম কঢ়িয়াই আনিলে উত্তৰ গুৱাহাটীৰ মনিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়ৰ দহ গৰাকী ছাত্ৰীয়ে। কলিকতাৰ বৰ্ধনত সদ্য সমাপ্ত ভাৰত সংস্কৃতি মহোৎসৱত উত্তৰ গুৱাহাটীৰ দলটোয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া, আধুনিক, বিহু নৃত্যৰ লগতে কেইবাটাও বিভাগত পদক অৰ্জন কৰি সন্মান লাভ কৰিবলৈ সক্ষম হয়। আজি মনিকাঞ্চন সংগীত বিদ্যালয়ৰ প্ৰাংগনত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰা দিলীপ বৈশ্যই সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী তথা ধৰ্মপ্ৰাণা মহিলা লাবণ্য বৰুৱা, দুলুমণি শইকীয়া, সাংবাদিক মুকুটেশ্বৰ গোস্বামী,উৎপল তামূলী, কৌশিক দাস, সমাজকৰ্মী চন্দন বৰুৱা।

সত্ৰীয়া বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰনৱজিৎ শীলে আঁত ধৰা অনুষ্ঠানত বঁটা বিজয়ী ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰশিক্ষক দ্বয় আনন্দ মুক্তিয়াৰ আৰু নয়না দাসক সম্বৰ্ধনা জনোৱা হয় । লগতে বিদ্যালয়খনত প্ৰশিক্ষণ লৈ উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা হয়।

Leave A Reply