Breaking

মণিপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বৰ্জন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ

0 145

মণিপুৰৰ হিংসাক লৈ নিৰৱতা বজাই ৰখাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গৰিহণা দি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বুধবাৰে বহু সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰে।যোগ দিৱস বৰ্জন কৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে শ্লোগান দি প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিমূৰ্তি দাহ কৰে। থৌবাল জিলাৰ অন্তৰ্গত থৌবাল মেলা খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰিজ’ৰিয়া ওক্ৰামৰ এজন প্ৰতিবাদকাৰীয়ে কয়, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত শান্তি-সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰি আছে। কিন্তু ভাৰতৰ অংগ মণিপুৰত বিগত ৪৯ দিন ধৰি অব্যাহত থকা অশান্তিক তেওঁ সম্পূৰ্ণৰূপে আওকাণ কৰিলে”।

ৰিজ’ৰিয়ে লগতে কয়, “শতাধিক লোকৰ মৃত্যু হৈছে, হাজাৰ হাজাৰ লোক আহত হোৱাৰ বিপৰীতে বহু লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। পাঁচ হাজাৰতকৈ অধিক ঘৰ জ্বলাই দিয়া হৈছে পঞ্চাশ হাজাৰতকৈ অধিক লোক স্থানচ্যুত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰি এটাও টুইট কৰাত ব্যৰ্থ হৈছে আৰু কেতিয়াও এটা শব্দও উল্লেখ কৰা নাই”।

থৌবাল আপুনবা লুব নামৰ এটা সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Leave A Reply