Breaking

মণিপুৰ আৰক্ষীয়ে এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম…

0 33

মণিপুৰত আৰক্ষীৰ সফলতা। এগৰাকী অপহৃত লোকক সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি গ্ৰেপ্তাৰ কৰিছে ৮ জনকৈ অপহৰণকাৰীক।

ইম্ফল আৰক্ষী থানাত এজন লোক অপহৰণ হোৱাৰ গোচৰ ৰুজু হৈছিল। অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছিল ধন।ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই ইম্ফল পশ্চিমৰ পৰা কে চি পিৰ ৮ জনকৈ সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে লগতে অপহৃতক উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এটা ঘটক ৰাইফলৰ সৈতে এটা মেগজীন, এটা একে-৪৭, এটা .৩২ পিষ্টল বহু পৰিমাণৰ গোলা, বাৰুদ আৰু ১৩ টা মোবাইল ফোন, এখন তৰোৱাল আৰু ২ খন বাহন।

Leave A Reply