Breaking

Manipur Violence: সংঘাতগ্ৰস্ত মণিপুৰ ৰাজ্যত কমেও ৫৬ জন লোকৰ মৃত্যু; বৃদ্ধি হোৱাৰ আশংকা মৃত্যুৰ সংখ্যা…

0 71

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে আৰু চৰকাৰী সংখ্যাৰ বাবে অপেক্ষা কৰি আছে বুলি সূত্ৰই দাবী কৰিছে৷

মণিপুৰত একাধিক হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সঠিক সংখ্যা এতিয়াও চৰকাৰী সূত্ৰই নিশ্চিত কৰিব পৰা নাই।

খবৰ অনুসৰি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

মণিপুৰৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ ‘শ্বুট-এট-চাইট’ আদেশ কাৰ্যকৰী হোৱাৰ পিছতো তীব্ৰতৰ হৈ পৰিছে।

পাহাৰীয়া ৰাজ্য মণিপুৰত চলি থকা উত্তেজনাৰ মাজতে আইন-শৃংখলাৰ পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত ৫ মে’ত সেনাই যুৱক-যুৱতীসকলৰ ওপৰত গুলীচালনা কৰে।

গ্ৰাউণ্ড ৰিপৰ্ট অনুসৰি বিষ্ণুপুৰ জিলাকে ধৰি মণিপুৰৰ আঠখন জিলাৰ ৰাইজ আৱেগিকভাৱে বিচলিত হৈ পৰিছে।

ইফালে ৫ মে’ৰ নিশা প্ৰায় ১১ বজাত প্ৰতিবাদৰ চিন স্বৰূপে নিজৰ বাসগৃহৰ পৰা এদল যুৱক ওলাই আহিছিল অঞ্চলটোত শান্তি আনিবলৈ সেনাই গুলীচালনা কৰিছিল।

ইয়াৰ পিছতে এজন যুৱকে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত চৰকাৰে ‘শ্বুট এট চাইট’ৰ নিৰ্দেশ ঘোষণা কৰাৰ পিছত এইটোৱেই প্ৰথম মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Leave A Reply