Breaking

টিউমাৰ ৰোগত আক্ৰান্ত মনিৰুলৰ আহব্বানঃ’হিমন্ত মামাই সহায় কৰিলে আকৌ স্কুললৈ যাম’

0 1,064

দৰিদ্ৰতাই অভিশাপৰূপে থিয়ে দিছে এগৰাকী মেধাৱী ছাত্ৰ তথা কিশোৰৰ জীৱনলৈ৷পখিলা খেদাৰ বয়সতে চকুলো নিগৰি কান্দিবলগা হৈছে কিশোৰজনে৷ আৰ্থিক অনাটনে মৃত্যুৰ মুখলৈ ঠেলি দিছে এটা ফুলকমলীয়া জীৱন৷দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ চাম্পুপাৰাৰ গাঁৱৰ হাৰেজ আলীৰ পৰিয়ালটোত বৰ্তমান আছে বুলিবলৈ একো নাই৷ অতি দৰিদ্ৰ পৰিয়ালটোৰ হাৰেজ উদ্দিনৰ কিশোৰ লৰা মনিৰুল হক বিগত তিনিবছৰে যুজিছে মৃত্যুৰ সৈতে৷ মনিৰুল হকৰ ৰাজহাড়ত টিউমাৰ হোৱাৰ পিছৰে পৰা বিদ্যালয়লৈ যাব পৰা নাই মেধাৱী ছাত্ৰজনে৷ উল্লেখযোগ্য যে কিশোৰজনক পূৰ্বতে মাটি সম্পত্তি বিক্ৰী কৰি এবাৰ অস্ৰপ্ৰচাৰ কৰা হৈছে যদিও আৰু এবাৰ অস্ৰপ্ৰচাৰ কৰিবলৈ দুই তিনি লাখ টকাৰ প্ৰয়োজন হোৱাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হবলগা হৈছে৷ যাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ অভাৱত মৃত্যুৰে যুজ দিছে মেধাৱী ছাত্ৰ মনিৰুল হকে৷ উপায়হীন হৈ মুখ্যমন্ত্ৰ বিশ্ব শৰ্মালৈ অনুৰোধ অসহায় কিশোৰজনে হাতযোৰ কৰি অনুৰোধ জনাই কয় যে মামা মোক ভাল কৰি দিয়ক৷

মই আকৌ স্কুললৈ যাম৷ আনকি মনিৰুল পিতৃ হাৰেজ আলীয়ে অসমবাসী ৰাইজলৈ চিকিৎসাৰ বাবে সহায় বিচাৰি কাতৰ আহব্বান জনাইছে৷ কোনো হৃদয়বান দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ মনিৰুল হকক সহায় কৰিব বিচাৰিলে পাঞ্জাৱ নেশনেল বেংকৰ গৰৈমাৰী শাখাৰ IFSC- PUNB0178500 আৰু একাউন্ট নম্বৰ- 1785001700272558 সহায় কৰিব পাৰিব বুলি মনিৰুলৰ পিতৃ হাৰেজ আলীয়ে জনাইছে৷

Leave A Reply