Breaking

“মন এটি আশা”ৰ নৱম আলোচনী উন্মোচন

0 1,115

নাজিৰাৰ সমীপৰ  লংকাক গোহাঁই গাঁৱৰ কণমাণি শিশু দল “মন এটি  আশা”ৰ ৫ জানুৱাৰীত নৱম আলোচনী “মন এটি আশা” উন্মোচন কৰা হয় । কণমানিহঁতৰ মনৰ কথাৰে উন্মোচন কৰা হৈছে এই নৱম আলোচনী। এই আলোচনীখন উন্মোচন সম্পাদকৰ দায়িত্বত থাকে মুনমী বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম আলোচনী উন্মোচন কৰে সাংবাদিক বিপিন হাজৰিকাই।আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি এখন অনুস্থিত হয় এখন মুকলি সভা।লগতে “মন এটি আশা”ৰ শিশুৰ সকলৰ মাজত অনুষ্ঠিত হয় কবিতা আবৃত্তি প্ৰতিযোগিতা।

মুকলি সভাত সভাপতি হিচাপে উপস্থিত থাকে সমাজকৰ্মী ব্ৰজেন ফুকন,বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চন্দ্ৰকান্ত বুঢ়াগোহাঁই,ড° ভীষ্ম হাজৰিকা, দীক্ষিতা ফুকন,অৰ্চনা কোঁচ,অঞ্জু বৰগোহাঁইৰ লগতে  সংবাদদাতা বিপিন হাজৰিকা, সংবাদদাতা অংশুমান দত্ত উপস্থিত থাকে।”মন এটি আশা”ৰ শিশু আলোচনী উন্মোচনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত মুকুল শ্ৰণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান লাভ কৰে শিৰাংগন গগৈ,দ্বিতীয় স্থান যুটীয়াভাৱে বেণী প্ৰিয়া বুঢ়াগোহাঁই আৰু অৰ্পিত গগৈ,তৃতীয় স্থান মৃন্ময় গগৈয়ে লাভ কৰে।তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অনুস্থিত হোৱা কবিতা আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান মমী চেতিয়া,দ্বিতীয় স্থান ভাৰ্গৱ বুঢ়াগোহাঁই,তৃতীয় স্থান আস্থাজিতা বুঢ়াগোহাঁই,চতুৰ্থ স্থান বিতুপন লাহন আৰু নিচুকণী বঁটা লাভ কৰে সমীৰণ বুঢ়াগোহাঁই।ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুস্থিত কবিতা আবৃত্তি প্ৰতিযোগিতা প্ৰথম স্থান আলোক বৰগোহাঁই,দ্বিতীয় স্থান মৌচুমী বুঢ়াগোহাঁই,তৃতীয় স্থান ৰিম্পী বুঢ়াগোহাঁই,চতুৰ্থ স্থান দেৱাশ্ৰী বুঢ়াগোহাঁই আৰু পঞ্চম স্থান লাভ কৰে লীনা বুঢ়াগোহাঁই।”মন এটি আশা”ৰ নৱম শিশু আলোচনী উন্মোচনৰ দিনটোতেই “মন এটি আশা”ৰ কণ কণ শিশু সকলে বিভিন্ন সাংস্কৃতিক অনুস্থানেৰে জীপাল কৰি তুলে পৰিৱেশ।

Leave A Reply