Breaking

মানবেন্দ্ৰ শৰ্মাৰ মননশীল সৃষ্টি ‘নিবিড় তমসা’। যোৰহাটত সূৰুয ড্ৰামাৰ বলিষ্ঠ নিবেদন…

0 40

নাটকতেই জীৱন উচৰ্গা কৰা, নাটককেই জীৱিকাৰ সমল ৰূপে খামুচি ধৰা, অপেছাদাৰী হৈও ভাগি নপৰি পেছাদাৰীভাৱেই জীৱন-জীৱিকা আগুৱাই নিবলৈ সক্ষম হোৱা মানবেন্দ্ৰ শৰ্মাৰ মননশীল সৃষ্টি “নিবিড় তমসা”। নিজৰেই গঠিত ৩৮ বছৰীয়া “সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচ”ৰ বেনাৰত যোৱা ৮ অক্টোবৰৰ সন্ধিয়া যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত সফলতাৰে মঞ্চস্থ কৰে। কুন্তল মুখোপাধ্যায়ৰ বেংগলী নাটকখন শৰ্মাই অসমীয়ালৈ নিতুলভাৱে অভিযোজনা কৰিছে। মনোগ্ৰাহী অনুবাদ-অভিযোজনাৰ বাবেই দৰ্শকে নিশব্দে দুঘণ্টা সময় চাই থাকে।


কাহিনীমতে অধ্যাপক অভয় বুজবৰুৱা মধ্য বয়সৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু চেহেৰাৰ ব্যক্তি। ৰুগীয়া পত্নী সীমা আছে। সম্বন্ধীয় খুলশালী অপৰ্ণাই চোৱা-চিতা কৰে। সুন্দৰৰ গৰাকী বুজবৰুৱাৰ প্ৰতি অপৰ্ণা আৰু অপৰ্ণাৰ প্ৰতি বুজবৰুৱা আকৃষ্ট নোহোৱা নহয়। সীমাকো পতি অভয় আৰু ভনী অপৰ্ণাই প্ৰাণসম ভাল পায়। অন্যহাতে, ছাত্ৰী শ্ৰেয়া সুদৰ্শন অধ্যাপক বুজবৰুৱাৰ প্ৰেমত ইমানেই অন্ধ যে, গুৰু পত্নী সীমাক অত্যাধিক ঔষধ সেৱন কৰাই হত্যা কৰে। এনেদৰে কাহিনী ইমান আৱেগতাৰে সজাইছে যে, দৰ্শক বিভোৰ হৈ পৰে। অভিজ্ঞ পৰিচালক মানবেন্দ্ৰ শৰ্মাই পৰিচালনাও মনোগ্ৰাহীকৈ কৰিছে। তেওঁৰ পৰিকল্পনাত বিচিত্ৰ বৰাই দৃশ্যসজ্জালৈ নান্দনিকতা আনিলে আৰু আলোকত অৰুণ দত্ত, পৰশমনি বৰদলৈ, শ্ৰীমন্ত দত্তই দৃষ্টি নন্দন কৰি তুলিলে। কাহিনী, পৰিচালনা, দৃশ্যসজ্জা আৰু আলোকৰ সফল সমন্বয়তাই ‘নিবিড় তমসা’ অধিক দৰ্শনীয় কৰি তোলে। মানসজ্যোতি বৰা (বুবু), প্ৰাণজিৎ শৰ্মাৰ সংগীত আৰু সূৰয শীলৰ শব্দৰ সম সংযোগ আছেই। ৰূপসজ্জাত থাকে পূৰৱী শইকীয়া, মন্দিতা গোস্বামী খাউণ্ড আৰু বিচিত্ৰ বৰা।


নৱ সৃষ্টিত ভূমিকা লৈ অহা সূৰুযে এই নিবেদনত উজলাই তুলে নিহা ৰাণী দাস আৰু কনমানি ছানিয়া স্নিগ্ধা মোক্তাৰক। সাম্প্ৰতিক একাংশ যুগ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা শ্ৰেয়া চৰিত্ৰত সূৰুযৰ মঞ্চত প্ৰথম ভৰি দিয়া যুৱতী নিহা ৰাণী দাসে অত্যাধুনিকতা ফুটাই তুলি বলিষ্ঠ অভিনেত্ৰীৰ পৰিচয় দিবলৈ সক্ষম হয়। প্ৰথমবাৰৰ বাবে মঞ্চত উঠা কনমানি ছানিয়া স্নিগ্ধা মোক্তাৰে মুক বধিৰ চৰিত্ৰটি বৰ সুন্দৰকৈ আগবঢ়াই নিয়ে। মুখ্য চৰিত্ৰত পৰিচালক মানবেন্দ্ৰ শৰ্মাই গতি ধৰি থাকে। ধনবন্ত ব্যৱসায়ী- ৰঞ্জিত বৰদলৈয়ে সুকীয়া আমেজ দিয়ে। চিকিৎসক- অৰ্পণ শৰ্মা পাঠকৰ বলিষ্ঠতা বিদ্যমান। ছাত্ৰ- চন্দন ঠাকুৰে যি সুবিধা পাইছে সেই সুবিধা সম্পূৰ্ণভাৱে গ্ৰহণ কৰিছে। ঘৰুৱা সহায়ক- বিজু দুৱৰাই সীমিত সুবিধা সঠিক উপস্থাপন কৰাত সাৰ্থক। ৰুগীয়া পত্নী সীমা- ময়ূৰপংক্ষী কৌশিকে হুইল ছেয়াৰত বহি অভিব্যক্তিৰে চৰিত্ৰ জিলিকালে। সহায়িকা- অপৰাজিতা কৌশিকে আৱেগিকতা অক্ষুণ্ণ ৰাখিলে। আৰক্ষী বিষয়া- দেৱজিৎ বৰা আৰু আৰক্ষী- পাৰ্থ প্ৰতিম শৰ্মাই নিজৰ নিজৰ চৰিত্ৰ মানসম্পন্নভাৱে উপস্থাপন কৰিলে।
নেপথ্যত সভাপতি বিনোদ গগৈ, প্ৰযোজনা সহযোগী চঞ্চলজ্যোতি বৰদলৈ, দেৱজিৎ শৰ্মা, পূৰ্ণিমা বৰদলৈ, গোবিন দত্ত, অপৰাজিতা দত্ত, লাটু গগৈ আৰু অনুপম বৰাৰ অৱদান আছিল।
নাটকৰ সমাপ্তিত সূৰুযৰ অন্যতম শুভাকাংক্ষী যোৰহাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া পবিত্ৰ কুমাৰ দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰিকৰী অভিযন্তা ভাস্কৰ শৰ্মাক সূৰুযে সন্মান জনায়।
নিজা আখৰা গৃহ নথকা আৰু চৰকাৰী সাহায্য নোপোৱাকৈয়ে নাট্য ক্ষেত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈ থকা সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ প্ৰচেষ্টা মানিবলগীয়া। সূৰুযক সুবিধা দিয়া গংগা ভৱনৰ কৰ্তৃপক্ষ শলাগৰ পাত্ৰ।

Leave A Reply