Breaking

পশ্চিম নলবাৰীত কৃত্ৰিম বানৰ কবলত বহুকেইটা চৰকাৰী কার্য্যালয়

0 1,543

যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুনৰ ফলত পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যলয় ,চামতা আৰক্ষী চকী ,চামতা বিএচ এন এলৰ কার্য্যালয়কে ধৰি চামতা পল্লাপথৰ পৰা চক্র বিষয়াৰ কার্য্যালয়লৈ অহা যোৱা পথটো সম্পূর্ন পানীৰ তলত বুৰ গৈ আছে ৷উল্লেখ যে কিছু বছৰ আগলৈকে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কাৰ্যলয়ৰ  সন্মুখেৰে পানী ওলাই যোৱা এটি  ডাঙৰ কালভার্ট আছিল।এই কালভাৰ্ট টোৰে বৃহত্তৰ অঞ্চলটোৰ  বিহামপুৰ ,শিমলীয়া অঞ্চলৰ পানীসমুহ খাটাৰূপীয়া বাথান,কুলবিল হৈ বুঢ়াদিয়া নৈত পানীসমুহ পৰিছিল।বর্তমান  এচাম মানুহৰ  দায়িত্বহীনতাৰ বাবে  যতে ততে ঘৰ  সজাৰ ফলত   পানী    যোৱা নলাসমুহ সম্পূর্ণ ৰূপে বন্ধ হৈ পৰাত  এতিয়া সাধাৰন বৰষুন হলেও কার্য্যালয় সমূহ পানীৰ তলত বুৰযোৱাত কার্য্যালয়ৰ কর্মচাৰী সকলৰ  এই অনাহূত পৰিস্হিতিৰ  সৃষ্টি হৈছে ৷বর্তমান চামতা আৰক্ষী চকীৰ আৰক্ষী বিষয়া সকলৰ থকা কোঠা সমুহ পানীৰ তলত বুৰ যোৱাত  বিছনা এৰি ৰাস্তাত থিয়হৈ থাকিব লগা হৈছে ৷আজি নিশাৰ ভিতৰত বৰষুন হলে আৰু ভয়ানক ৰূপ লব বুলিও আশংকা কৰা হৈছে ৷ইফালে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়াৰ কার্য্যালয়ৰ সন্মুখেৰে যোৱা তিনিবছৰ আগতে ২৫ নং ৰূপীয়াবাথান গাওঁ পঞ্চায়তৰ জৰিয়তে বহু লক্ষ্য  টকা খৰচ কৰি এটি নলা বনাইছিল যদিও  দীৰ্ঘম্যাদী পৰিকল্পনাৰ অভাবৰ বাবে নলাতোৰে পানী ওলাই যোৱাৰ উপৰি পানী সমুহ আবদ্ধহে হয়।৷ইয়াৰ উপৰিও  নলবাৰী চামতা পল্লা পথতো ঠায়ে ঠায়ে কৃত্রিম পানীয়ে সম্পূর্ণ ৰূপে বুৰাই পেলোৱাত পথচাৰীৰ লগতে গাড়ী মটৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে ৷নলবাৰী চামতা সর্থেবাৰী পল্লা পথৰ চামতা মটৰষ্টেন্ড ,জামৰতল পেট্রল  ডিপোৰ সন্মুখ ভাগ  প্ৰায়ে পানীৰ তলতে বুৰ গৈ থাকে।

Leave A Reply