Breaking

পশ্চিমীয়া দেশসমূহৰ বহুলোকেই কাটাৰ বিশ্বকাপ বৰ্জনৰ আহ্বান…

0 87

পশ্চিমীয়া দেশসমূহৰ বহুলোকেই কাটাৰ বিশ্বকাপ বৰ্জনৰ আহ্বান জনাই আহিছে। দৰাচলতে, কাটাৰত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো পোহৰলৈ অহাৰ পিছতে এইসকলে এনে দাবী তুলিছে। জাৰ্মানীৰ বহু বাৰত বিশ্বকাপ সম্প্ৰচাৰ কৰা হোৱা নাই। বিতৰ্কৰ মাজতে বহু প্ৰাক্তন ফুটবল খেলুৱৈয়েও মাত মাতিছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদী সংগঠন আল কায়দাই সম্পূৰ্ণ বিপৰীত কাৰণত ফুটবল বিশ্বকাপ পৰিহাৰ কৰিবলৈ বাৰ্তা দিছে।

য়েমেনস্থিত ‘আল-কায়দা ইন আৰৱ পেনিনছুলা’ই কয়, “বিশ্বকাপৰ নামত বহুতো অনৈতিক লোকে কাটাৰত প্ৰৱেশ কৰিছে।‘’ বিশ্বকাপ আৰম্ভ হোৱাৰ কেইঘণ্টামান আগেয়ে সন্ত্ৰাসবাদী সংগঠনটোৱে বিশ্বকাপ বাতিল কৰাৰ ভাবুকি দি এখন ‘ভাবুকি পত্ৰ’ প্ৰেৰণ কৰিছিল।

আল-কায়দাই পোনপটীয়াকৈ আক্ৰমণ বা হিংসাৰ ভাবুকি দিয়া নাছিল যদিও এইদৰে কৈছিল, “আমি আমাৰ মুছলমান ভাতৃসকলক বিশ্বকাপত অংশগ্ৰহণ নকৰিবলৈ আৰু ইয়াক বন্ধ কৰিবলৈ অনুৰোধ জনাইছো।এনে প্ৰতিযোগিতা এখন মুছলমান দেশত অনুষ্ঠিত হোৱাটো উচিত নহয়।”

সন্ত্ৰাসবাদী সংগঠনটোৰ মতে, বিশ্বকাপৰ ফলত সমকামী, দুৰ্নীতিগ্ৰস্ত, অধৰ্মী লোক কাটাৰলৈ আহিব। সেয়েহে আল-কায়দাই বিশ্বকাপ বন্ধ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply