Breaking

নলবাৰীৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক সহ ভালেকেইগৰাকীৰ আম আদমী পাৰ্টীত যোগদান

0 1,041

“অসমত চুনামি হৈ আহিছে আম আদমী পাৰ্টি ,অসমত আম আদমী পাৰ্টিৰ সম্মুখত চুনামীৰ দৰে সকলো সাম্প্ৰদায়ীক শক্তি শেষ হৈ যাব” নলবাৰীত এই মন্তব্য প্ৰকাশ কৰেনলবাৰী জিলা আম আদমী পাৰ্টিৰ জিলা সমন্বয়ক আনচুল হকে । আজি সন্ধিয়া নলবাৰী প্ৰেছ ক্লাবত আম আদমী পাৰ্টিৰ এক যোগদান কাৰ্যসুচী অনুষ্ঠিত হয় ।এই যোগদান কাৰ্যসুচীত নলবাৰী জিলা সমন্বয়ক আনচুল হকে এইদৰে মন্তব্য কৰে যে,আম আদমী পাৰ্টিৰ আগত সকলো সম্প্ৰদায়িক শক্তি শেষ হৈ যাব।ইপিনে এই যোগদান কাৰ্যসুচীত নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দিপেন কলিতা, কাৰ্যকৰী সভাপতি মনোজ ডেকাৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সহ মুঠ ৭০ গৰকীকৈ সদস্য -সদস্যাই আম আদমী পাৰ্টিত যোগদান কৰে ৷

আনহাতে ৩০ গৰাকীকৈ সচেতন নাগৰিকে আম আদমী পাৰ্টিত যোগদান কৰাৰ কথা জনায় দলটোৰ শীৰ্ষ নেতৃত্বই

Leave A Reply