Breaking

মৰিগাঁও অগপ ত ব্যাপক খহনীয়া : কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ বহিঃপ্ৰকাশ

0 156

মৰিগাঁও, ১ডিচেম্বৰ : মৰিগাঁও জিলাৰ অসম গণ পৰিষদৰ মৰিগাঁও বিধান পৰিষদ সমিতিৰ লগতে ২১ খন আঞ্চলিক সমিতিয়ে আজি সমূহীয়া পদত্যাগ কৰে ৷ অসম গণ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই স্বেচ্ছাচাৰী শাসন চলোৱাৰ অভিযোগ কৰি আজি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অগপৰ মৰিগাঁও বিধান পৰিষদৰ লগতে দলটোৰ ২১খন আঞ্চলিক সমিতিয়ে পদত্যাগ কৰাত মৰিগাঁৱত অগপৰ বেলি মাৰ যোৱাৰ উপক্ৰম হৈছে  ৷ অতুল বৰা নেতৃত্বাধীন অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতি আস্থা হেৰুৱাই আজি মৰিগাঁও জিলাৰ মৰিগাঁও বিধান পৰিষদৰ লগতে যুৱ পৰিষদ, মহিলা পৰিষদ, ছাত্ৰ পৰিষদ আৰু ২১ খন আঞ্চলিক সমিতিয়ে দলৰ পৰা আনুষ্ঠানিক ভাৱে পদত্যাগ কৰে ৷ মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত কেন্দ্ৰীয় সমিতি খনে স্বেচ্ছাচাৰী শাসন চলাই আহিছে ৷ আনহাতে মৰিগাঁও জিলাখনক কেন্দ্ৰীয় সমিতি খনে দীৰ্ঘদিনৰ পৰা মাহীআই দৃষ্টিৰে চাই আহিছে বুলি অভিযোগ মৰিগাঁও বিধান পৰিষদৰ নেতৃত্বৰ ৷ আনহাতে বছৰ বছৰ ধৰি মৰিগাঁও সমষ্টিতোক প্ৰতিটো নিৰ্বাচনতে প্ৰতাৰণা কৰি আন আন দলক এৰি দি অহাৰ পিছত এইবাৰ ২১ৰ বিধান সভা নিৰ্বাচনত অগপৰ কেন্দ্ৰীয় সম্পাদক বানী দাসক  মৰিগাঁও সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেহতীয়াকৈ এই প্ৰতিশ্ৰুতি বাতিল কৰি আন দলৰ প্ৰাৰ্থীক পুনৰ সমষ্টি এৰি দিয়াত জিলা নেতৃত্ব আৰু তৃণমূল কৰ্মী সকলৰ মাজত ক্ষোভৰ উদগীৰণ হয় ৷ যাৰ পৰিণতিত আজি সকলোৱে সমূহীয়া ভাৱে দলৰ পৰা পদত্যাগ কৰে ৷আনহাতে অগপৰ মৰিগাঁও জিলা সমিতিৰ কেইবাজনো নেতাই অচিৰেই অগপৰ পৰা পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে ।মৰিগাঁও বিধান সভা সমষ্টি ত অগপ দলৰ শক্তিশালী ভেটি আছিল যদিও অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ ভূল সীদ্ধান্তৰ  বাবেই দলটো মৰিগাঁৱত নিঃশেষ হোৱাৰ উপক্ৰম হৈ পৰে । এনে পৰিস্থিতিত অগপৰ নিষ্ঠাবান কৰ্মী সকলে বাধ্যত পৰি অগপ ত্যাগ কৰিব লগীয়া হোৱাত আক্ষেপ প্ৰকাশ কৰিছে সদ্য পদত্যাগী অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বাণী দাসে ।

Leave A Reply