Breaking

নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ

0 1,309

নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মহাত্মা গান্ধী পথ এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীসকলৰ ৷ পথচোৱাৰ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি একেলেথাৰিয়ে কেইবা ঠাইতো পথৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰীসকলক যমৰ-যাতনাত পেলাই আহিছে ৷ ৩৬ নং ৰাষ্ট্ৰীয় পথৰ পৰা মৰিকলং চাৰিআলি হৈ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহুকেইখন বিদ্যালয়, কেইবাটাও ৰাজহুৱা মঠ-মন্দিৰ, কেইবাটাও চৰকাৰী বিভাগৰ জিলা কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বেচৰকাৰী কাৰ্যালয় ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু ফাৰ্মাচীলৈ বুলি ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ উপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰ, কেইবাখনো চিকিৎসালয়, নাৰ্ছিং হোম, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, নিয়োগ বিনিময় কেন্দ্ৰ আদিলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে ৷ নগাঁও চহৰবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ ঠায়ে ঠায়ে বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে ৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি আজিৰ পৰা প্ৰায় পাঁচ মাহৰ পূৰ্বে গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথচোবাৰ ঠায়ে ঠায়ে মেৰামতিৰ কাম হাতত লৈছিল যদিও কোনো অজ্ঞতা কাৰণত আজিকোপতি এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতি সম্পূৰ্ণ কৰিব নোবাৰিলে দায়িত্বপ্ৰাপ্ত ঠিকাদাৰী প্ৰতিষ্ঠানে ৷ আজি পুনৰ পূৰ্বৰ অৱস্থাতে এক বিধ্বস্ত ৰূপ ধাৰণ কৰিছে এই পথচোবাই৷ যাৰ ফলত এজাক বৰষুণৰ ফলতেই একাঠু পানী জমা হোবাত এই পথটিৰ বাবে আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰীসকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক পথটি উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই পথচাৰী ৰাইজৰ এই দাৱীয়ে ৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় উদ্ধতন কৰ্তৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ মেৰামতিৰ নিৰ্মাণ কৰি লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰিবলৈ ৰাইজে তীব্ৰ দাৱী জনাইছে ৷

Leave A Reply