Breaking

মৰ্কজুল মা’আৰিফৰ নীলবাগান ক’ভিড হাস্পাতাল চেনিটাইজেচন, খাদ্যৰ পেকেট বিতৰণ

0 527

হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে আজি জিলাখনৰ ক’ভিড হস্পিটেল ৰূপে পৰিচিত নীলবাগান মডেল হস্পিটেল চৌহদ চেনিটাইজ কৰে৷ লগতে ক’ভিড ৰোগী সকলৰ  মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৰ কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰী আৰু সমাজকৰ্মী আনোৱাৰ হুছেইনে নীলবাগান হাস্পাতালৰ চেনিটাইজেচনৰ কামৰ শুভাৰম্ভ কৰে৷ ডেপুটি মেনেজাৰ জামাল উদ্দিনৰ নেতৃত্বত স্বেচ্ছাসেৱকৰ দলে হাস্পাতালৰ বাহিৰ-ভিতৰ বীজানুমুক্ত কৰিবলৈ ঔষধ ছটিয়ায় ৷ এই উপলক্ষে হাস্পাতালখনৰ কৰ্তব্যৰত চিকিৎসক ডা: এছ এম এম ইছলামে ক’ভিড মহামাৰীৰ এই সময়ত মৰ্কজুল মা আৰিফে লোৱা পদক্ষেপৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে৷ পিছত স্বেচ্ছাসেৱকৰ দলটোৱে ডবকা ত্ৰিশখন বিচনাযুক্ত হস্পিটেল, ডবকা বজাৰ আৰু মাছ বজাৰ চেনিটাইজড কৰে৷ অভিযানটোৰ নেতৃত্ব দিয়া মৰ্কজুল মা আৰিফৰ ডেপুটি মেনেজাৰ মহম্মদ জামাল উদ্দিনে কয় যে, জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে মৰ্কজুল মা’আৰিফে বিগত কেবাদিন ধৰি এই পবিত্ৰ কামটো চলাই গৈছে৷ তেওঁলোকে হোজাই থানা, হোজাই পৌৰসভা কাৰ্যালয়, বেংক, চুপাৰ মাৰ্কেট, বিদ্যুৎ বিভাগৰ কাৰ্যালয় আদি চেনিটাইজড কৰিছে আৰু অনাগত দিনতো এই কাম চলি থাকিব৷ ক’ভিদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজেৰে মহামাৰীক পৰাজিত কৰাটো সম্ভৱ বুলি ডেপুটি মেনেজাৰজনে মন্তব্য কৰে৷

Leave A Reply