Breaking

বিবাহ, আৰ্শীবাদ নে অভিশাপ ? দুটা সন্তান এৰি অন্য বিবাহিত পুৰুষৰ সৈতে পলাল মহিলা

0 256

বিবাহ, আৰ্শীবাদ নে অভিশাপ ? স্বামী-স্ত্ৰীৰ জ্ঞানহীনতাৰ বলি হ’ব লগা হয় একাংশ নিষ্পাপ শিশু । এনে ধৰণৰ দুৰ্ভগীয়া সন্তানৰ দুখৰ বাবে প্ৰকৃততে কোন জগৰীয়া ? আইন তথা প্ৰশাসনৰ হাতত নাই এনেবোৰ সমস্যাৰ স্থায়ী সমাধান । দুটা সন্তান এৰি পৰ পুৰুষৰ সৈতে পলাল এগৰাকী মহিলা ।

লক্ষ্মীজান চাহ বাগিছাৰ সাত নং লাইনৰ মনিকা তাছা বিগত শণিবাৰে স্থানীয় এজন বিবাহিত পুৰুষৰ সৈতে পলাই যোৱাৰ অভিযোগ আনিছে মহিলাগৰাকীৰ স্বামী গোতো তাছাই । নাজিৰাৰ লক্ষ্মীজান চাহ বাগিছাত সংঘটিত হৈছে এই ঘটনা । স্বামী গোতো তাছাৰ অভিযোগ লালু ভুমিজ নামৰ একেটা অঞ্চলৰ নিবাসী এজন বিবাহিত পুৰুষৰ সৈতে পলাই গৈছে তেওঁৰ পত্নী মনিকা তাছা নামৰ মহিলাগৰাকী ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লালু ভুমিজ নামৰ ব্যক্তিজন বিবাহিত বুলি জানিব পৰা গৈছে । পূৰ্বৰ দুগৰাকী পত্নী থকাৰ পাছতো পুনৰ আন এগৰাকী দুটা সন্তানৰ মাতৃক পলোৱাই নিয়াৰ অভিযোগ লালু ভুমিজৰ বিৰুদ্ধে । এতিয়া উপায়ন্তৰ হৈ গোতো তাছা কাষ চাপিছে গেলেকীৰ আৰক্ষীৰ । আৰক্ষী নতুবা আদালতে ন্যায় প্ৰদান কৰিব পাৰিবনে এই দুৰ্ভগীয়া সন্তান দুটিক । সি এতিয়া এক প্ৰশ্নৰ বিষয় হৈ পৰিছে ।

Leave A Reply