Breaking

বিশ্ব শান্তিৰ বাবে ফকিৰাগ্রামত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান

0 1,444

বিশ্ব শান্তিৰ বাবে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রামৰ জামা মসজিতোত সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠানৰ আয়োজন কৰা হয় ।ফকিৰাগ্রাম থানাস্থিত ফকিৰাগ্রামৰ জামা মসজিতোৰ প্রাঙ্গণত এক সমুহীয়া ইফটাৰ পাৰ্টীৰ আয়োজন কৰা হয় । বৃহত্তৰ ফকিৰাগ্রামৰ অঞ্চলৰ সকলো ধৰ্মৰ লোকৰ মাজত ভাতৃত্ববোধ অক্ষুন্ন ৰখাৰ স্বাৰ্থত আৰু বিশ্ব শান্তিৰ বাবে ফকিৰাগ্রামৰ জামা মসজিত সমিতিৰ উদ্যোগত আজি বিভিন্ন ফলমুল আৰু সুস্বাদু খাদ্যৰে সমুহীয়া ইফটাৰ কৰা হয় । শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে লগতে বিভিন্ন জাতি ধৰ্মৰ লোকে যোগদান কৰি বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে ।

উক্ত সমূহীয়া ইফতাৰ ফকিৰাগ্রামৰ জামা মসজিতৰ সভাপতি আলী হুসেন আহমেদ ,মতিয়াৰ ৰহমান,উপ সভাপতি ছাজাহান আহমেদ , মোজাহাৰ খান ,সম্পাদক ৰফিকুল ইসলাম ,জালালুদ্দিন আহমেদ ,ৰফিকুল হক ,আব্দুল কাদেৰ আলী , উপদেষ্টা আব্দুল বাৰেকৰ লগত ফকিৰাগ্রামৰ আৰক্ষী বিষয়া জিতু কলিতা উপস্থিতি থাকে।

Leave A Reply