Breaking

মুছলপুৰত চিটুৰ উদ্যোগত গণ অভিৱৰ্তন 

0 29

আজি বাক্সা জিলাৰ মুছলপুৰত চিটু আৰু নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত এক গণ অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। অহা ২৮ আৰু ২৯ মাৰ্চত অনুষ্ঠিতব্য দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ উদ্দেশ্যে উক্ত গণ অভিৱৰ্তন অনুষ্ঠিত হয় ৷

বাক্সা জিলা অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সম্পাদিকা বীনা বৈশ্যৰ পৌৰহিত্যত অনুষ্ঠিত অভিৱৰ্তনত চিটুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতি, ৰাজহুৱা সম্পত্তি বিক্ৰী কৰা আদি কাৰ্যৰ বিৰুদ্ধে এই ধৰ্মঘট সফল কৰাৰ বাবে সকলো পক্ষকে আহ্বান জনায়।

আজিৰ এই অভিৱৰ্তনত অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ, নিৰ্মাণ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক অনিল মহন্ত, বাক্সা জিলা চিটুৰ সভাপতি নৃপেন চন্দ্ৰ কলিতা, বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সম্পাদিকা ভনীতা পাঠকৰ লগতে কেবাটাও কৃষক-শ্ৰমিক সংগঠনৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply