Breaking

গণ প্ৰহাৰত মৃত্যু এজন বাংলাদেশী গৰু চোৰৰ । আটক এজন।

0 79

কৰিমগঞ্জ পৰা ৰাহুল পাল :

কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশৰ বিভিন্ন সীমান্ত এলেকাত বাংলাদেশী চোৰৰ দৌৰাত্ম্যত অতিষ্ঠ ৰাইজৰ গণ প্ৰহাৰত এজন বাংলাদেশী গৰু চোৰৰ থিতাতে মৃত্যু ঘটে। লগতে আন এটা চোৰক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে। ঘটনাটি স্ংঘটিত হৈছে  কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দি সমষ্টিৰ পুতনি চাহ বাগিছাত।  পুতনি চাহ বাগিছাত আজি অজ্ঞাত পৰিচয় এজন লোকে ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত সেই লোকজনক আবদ্ধ কৰি সোধা পোছা কৰাত ওলাই আচল তথ্য। লোকজনে জানিব দিয়া মতে তেওৰ সৈতে আন এজন লোক গৰু চোৰ কৰাৰ উদ্দেশ্যৰে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিছিল। গৰু চুৰি কৰাৰ বাবে তেওঁলোকক স্থানীয় একাংশ লোকে এই কামত সহযোগ কৰে। লোকজনৰ মুখত চাঞ্চল্যকৰ বক্তব্য শুনি স্থানীয় লোকে অভিযান চলাই পুতনি চাহ বাগিছাৰ দুজন স্থানীয় লোকৰ ঘৰৰ পৰা    বাংলাদেশী গৰু চোৰক আটক কৰিবলৈ সক্ষম হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে। যাৰ ফলত গন প্ৰহাৰত ৰুবেল মিঞা নামৰ বাংলাদেশী চোৰৰ এজনৰ মৃত্যু হয়।  এই ঘটনাৰ পিছত স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে পাথাৰকান্দি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আটক কৰা এজন বাংলাদেশী চোৰসহ আৰক্ষীৰ হাতত গতাই দিয়ে। এনে ঘটনা সংঘটিত হোৱাৰ পিছত চাহ বাগিছা অঞ্চলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে কৰিমগঞ্জৰ  আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়ববীয়া সকলক লৈ তদন্ত আৰম্ভ কৰিছে। আটক কৰা বাংলাদেশীৰ নাম মলান মুণ্ডা ( ৩০) ঘৰ বাংলাদেশৰ মৌলবী বজাৰ জিলাৰ সোনা-ৰূপা চাহ বাগিচাত। ভাৰতীয় দুটাৰ ঘৰ পাথাৰকান্দীৰ পুতনি চাহ বাগিচাৰ প্ৰদীপ তাঁতী (৩৫) আৰু শংকৰ কৈৱৰ্ত (৪৫)।বৰ্তমান তিনিটা গৰু চোৰক পাথাৰকান্দী থানাত ৰখা হৈছে। আনহাতে মৃত বাংলাদেশীক কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ৰ মৰগত ৰখা হৈছে। মৃত দেহ পৰীক্ষাৰ পিছত চৰকাৰী নীতি নিয়মৰ মাধ্যমেৰে বাংলা দেশলৈ দিয়া হ’ব বুলি চৰকাৰী সূত্ৰে জনাইছে ।

Leave A Reply