Breaking

শিৱসাগৰত উজনি অসম সুৰক্ষা সমিতিৰ উদ্যোগত বৃহৎ বাইক ৰেলী। সমষ্টি কৰ্তন আৰু সীমা সলনি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ…

0 86

শিৱসাগৰত উজনি অসম সুৰক্ষা সমিতিৰ উদ্যোগত বৃহৎ বাইক ৰেলী। সমষ্টি কৰ্তন আৰু সীমা সলনি কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। নিৰ্বাচন আয়োগে আমগুৰি আৰু লাহোৱাল সমষ্টি কৰ্তন কৰাৰ লগতে শিৱসাগৰ সমষ্টিৰ সীমা সলনি কৰি শিৱসাগৰৰ ঐতিহ্য ধ্বংস কৰাৰ প্ৰতিবাদত আজি এক বৃহৎ বাইক ৰেলী বাহিৰ কৰে।


শিৱসাগৰৰ ষ্ট্যেচন চাৰিআলিৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী চেৰেকাপাৰ পঞ্চায়ত, হাঁহচৰা পঞ্চায়ত আৰু লাচিত পঞ্চায়ত হৈ বেতবাৰী দিচাংপাৰ নগৰ মহল পঞ্চায়ত পৰিভ্ৰমণ কৰি সামৰণি মাৰে।

Leave A Reply