Breaking

ৰঙিয়াত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মিত কোটি টকীয়া মথাউৰীত বৰষুণৰ ফলত ব্যাপক খহনীয়া…

0 101

ৰঙিয়াৰ পুঠিমাৰী নৈৰ বগৰীবাৰীত নৱ নিৰ্মিত মথাউৰিত প্ৰৱল খহনীয়া । এই খহনীয়াৰ বাবে মথাউৰি ভঙাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাব লগা হৈছে নৈপৰীয়া ৰাইজে । প্ৰায় ৭০ শতাংশ নিৰ্মাণ কৰা মথাউৰিৰ কাম অতি নিম্ন মানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰে ।

যাৰ বাবে প্ৰৱল খহনীয়াৰ সৃষ্টি হৈছে । মথাউৰিৰ খহনীয়াৰ বাবে স্খলিত ভূমিয়ে ইতিমধ্যে কেবাটাও ঘৰ ক্ষতি কৰিছে । এনে খহনীয়াৰ ফলত প্ৰলয়ংকাৰী বান হোৱাৰ আশংকাই দেখা দিছে । বানৰ সৃষ্টি হ’লে ৰঙিয়াৰ লগতে কমলপুৰ আৰু হাজো সমষ্টিৰো বৃহৎ ক্ষতিসাধন হোৱাটো নিশ্চিত হৈ পৰিছে । উল্লেখ্য যে বগৰীবাৰীত ২০২০ বৰ্ষৰ লগতে যোৱা বছৰ মথাউৰি ভাঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল ।

যাৰ বাবে বৃহত্তৰ ৰঙিয়া অঞ্চলৰ লগতে কমলপুৰ আৰু হাজোৰ একাংশ ঠাইত বলিয়া বানে বিভীষিকাৰ সৃষ্টি কৰিছিল । এইবছৰ পলমকৈ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম চলে যদিও প্ৰায় ৭০ শতাংশ নিৰ্মাণৰ পিছতে প্ৰৱল খহনীয়াৰ সৃষ্টি হয় । মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ লগতে বিজ্ঞানসন্মত নোহোৱাৰ বাবে এনে খহনীয়াৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ কৰে ।

Leave A Reply