Breaking

গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

0 21

গোলাঘাটৰ ধূবি চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাত জাহ গল ২০ তাতকৈ অধিক বাসগৃহ । দুৱৰা ফাৰ্ণিচাৰ নামৰ ব্যৱসায়িক কাঠৰ গুদামৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। দুটাকৈ চিলেণ্ডাৰ বিস্ফোৰণ ঘটে অগ্নিকাণ্ডত । ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ অগ্নি নিৰ্বাপক বাহিনীৰ বিৰুদ্ধে । জুই নিৰ্বাপনৰ বাবে কাষৰীয়া মেৰাপানী,দেৰগাঁও,নুমলীগড় তেল শোধনাগাৰ,সৰুপথাৰ তথা যোৰহাটৰ পৰা আনিবলগা হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন । কাষতে থকা কেইবাটাও বাসগৃহ কথমপি ৰক্ষা পৰে ।

চকুৰ সমুখতে নিজৰ ঘৰখন জাহ যোৱা দেখি হিয়া ডাকুৰি কান্দিলে ভোক্তভোগীয়ে। ঘটনাস্থলীত উপস্থিত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,চক্ৰ বিষয়া,গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।ভোক্তভোগী ৰাইজৰ সৈতে মত বিনিময় কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ভোক্তভোগী পৰিয়ালৰ ৭ দিনৰ সম্পূৰ্ণ দ্বায়িত্ব গ্ৰহণ কৰে উপায়ুক্ত গৰাকীয়ে।সমান্তৰালকৈ প্ৰশাসনৰ নিয়ম অনুসৰি ভোক্তভোগীৰ বাবে ক্ষতিপূৰণৰো ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান উপায়ুক্তৰ।তাৎক্ষণিক নিৰ্দেশনাৰ দ্বাৰা চক্ৰ বিষয়া গৰাকীক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে।

Leave A Reply