Breaking

নগৰবেৰাত ভয়ংকৰ অগ্নিকাণ্ড

0 1,029

কামৰূপৰ নগৰবেৰাত সোমবাৰে পুৱতি ভাগত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় এক কোটি টকাৰ সা সম্পতি ভস্মিভুত হয় ৷ভয়ংকৰ জুইৰ লেলিহান শিখাই তৎক্ষণাত ঘৰৰ লগতে আন আন আঁচবাব ভস্মীভূত হয়। জুইৰ প্ৰকোপ ইমানেই আছিল যে অলপ সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চল কলাধোৱাই আৱৰি ধৰে ৷স্থানীয় ৰাইজে ব্যাপক তৎপৰতাৰে কেবা ঘন্টা জুৰি জুই নুমাবলৈ চেষ্টা কৰে যদিও
এই ভয়ংকৰ জুইয়ে ইতিমধ্যে সম্পুৰ্ণৰূপে গ্ৰাস কৰি পেলায় ৷নগৰবেৰা বজাৰৰ প্ৰতিষ্ঠপক ব্যৱসায়ী দুলাল সাহাৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷

এই ঘটনাত এটা দীঘল পাচটা ৰূমৰ এটা ঘৰৰ লগতে মুল্যবান আচবাৱ কাপোৰ কানি আদি জাহ যায় ৷ঘটনাৰ বহু সময় পলমকৈ বকো অগ্নিনিৰ্বাপক বাহিনীৰ দল আহি জুই নুমাবলৈ সক্ষম হয় ৷বৈদ্যুতিক চৰ্টচাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ ৷ইপিনে এই ঘটনাত কথামপি ৰক্ষা পৰে বৃহত্তৰ নগৰবেৰা বজাৰ ৷

Leave A Reply