Breaking

দক্ষিণ বৰপেটাৰ মাজৰচৰত ভয়ংকৰ অগ্নিকাণ্ড

0 2,070

বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত আজি  এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, ৩ নং মাজৰচৰ গাওঁৰ নিবাসী আয়নাল হকৰ পুত্ৰ আমিনুল হকৰ ঘৰত  দিনৰ প্ৰায় ১০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আকস্মিক ভাৱে সংংঘটি হোৱা অগ্নিকাণ্ডত হকৰ থকা ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, আজবাৱ পত্ৰৰ উপৰিও নিজ ঘৰত থকা একাধিক গুৰুত্বপূৰ্ণ বয়বস্তু জুইত জাহ যায় ৷ উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা এখন পালছাৰ বাইকো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰত সাচতীয়া কৰি ৰখা নগদ ধনো ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷  জুইত ভস্মীভূত হোৱা গৃহঘৰটোৰ পৰা এটা সামগ্ৰীও উলিয়াব পৰা নাই গৃহস্থ আমিনুল হকে । এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হোবাৰ ধাৰণা কৰিছে স্থানীয় লোকে ৷ ভদীয়া বানপানীৰৰ এই সংকটময় সময়ত হঠাৎ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাক লৈ দৰিদ্ৰ পৰিয়ালটোৱে সম্প্ৰতি হতাশাত ভাগি পৰিছে। এই বাতৰি যুগুত কৰা লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনীশালৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুুলি ধাৰণা কৰিছে স্হানীয় একাংশ ৰাইজে ৷ দক্ষিণ বৰপেটাৰ বৃৃহত্তৰ চৰাঅঞ্চলত অগ্নিনিৰ্বাপনৰ  কোনো বিশেষ সুবিধা নথকাত অৱশেষত স্হানীয় ৰাইজে অশেষ কষ্ট কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ অতি কমেও ১০ টা গৃহ । এই ঘটনাই সমগ্ৰ মাজৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Leave A Reply