Breaking

মাৰ্ঘেৰিটাত পথ নিৰ্মানত ব্যাপক বিসংগতি,১০ কোটি টকা পুঁজিয়ে নিৰ্মাণ হোৱা পথৰ কালভাট এজাক বৰষুণতে খহি পৰিল

0 2,050

একাংশ দূৰ্নীতিগ্ৰস্ত ঠিকাদাৰ ইঞ্জিনিয়াৰ বাবেই বাৰে বাৰে জিয়াতু ভোগ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ| তেনে এক ঘটনাই সংঘটিত হৈছে মাৰ্ঘেৰিটাত এটি পথ নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি অনিয়ম তথা নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰ বাবেই  খহি পৰিল পথৰ কালভাট |মাৰ্ঘেৰিটা  ভিতৰপাৱৈ মিৰিকা মাজুলী সংযোগী পথত নিৰ্মাণৰত  কেইবাটাও কালভাট আজি নিশা খহি পৰা লগতে বহু কেইটা পকী কলভাটত ফাট মেলে|পথ নিৰ্মাণৰ নিবিদা লাভ কৰাৰ ঠিকাদাৰ তথা বিভাগীয় ইঞ্জিনিয়াৰ জনৰ গাফিলতি বাবে এনে ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজৰ |মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই পথ নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰ গিৰীণ চুতীয়া নামৰ ঠিকাদাৰ জনৰ লগতে চাব কণ্টেক লাভ কৰাৰ ঠিকাদাৰ লালন মৰাণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে|

Leave A Reply