Breaking

আৰক্ষীৰ গুলীত নিহত মাষ্টাৰমাইণ্ড কানৱালদীপ

0 2,043

ড্রাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰা অজিত দাসৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত হৈ থকা অভিযুক্ত এজনক আজি গ্রেপ্তাৰ কৰাৰ পাছতেই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াই নিহত কৰে৷ কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রকাশ কৰা অনুসৰি অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ থকাৰ তথ্যৰ ভিত্তিত আজি কার্বি আংলঙৰ পৰা গ্রেপ্তাৰ কৰা কানৱালদীপ সিং সিদ্ধুক গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে লৈ আহি থকাৰ সময়তে কার্বি আংলং জিলাখনৰ দলদলি সংৰক্ষিত বনাঞ্চলত এজন আৰক্ষী বিষয়াৰ পৰা হঠাৎ অস্ত্র কাঢ়ি পলাবলৈ লওঁতে আৰক্ষীয়ে কানৱালদীপ সিং সিদ্ধুক গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা কানৱালক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ ইফালে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও এই ঘটনা সন্দর্ভত টুইট কৰি সবিশেষ প্রকাশ কৰিছে৷

উল্লেখ্য যে ৰে’লৱে প্রটেকচন স্পেচিয়েল ফ’চৰ চতুর্থ বেটেলিয়নৰ পৰিদর্শক হিচাপে চাকৰি কৰা কানৱালদীপ সিং সিদ্ধুক নানা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা অপৰাধত বর্খাস্ত কৰা হৈছিল৷ এনেদৰে চাকৰিৰ পৰা বর্খাস্ত হৈ থকাৰ সময়তে ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰা সিদ্ধুৱে শেহতীয়াকৈ অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ পৰাই নহয়, এই অপহৰণৰ মাষ্টাৰমাইণ্ড হিচাপেও কাম কৰিছিল৷

উল্লেখ্য যে অজিত দাসৰ অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্রেপ্তাৰ হৈছে ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজবাবু সিং, আছাম ফৰেষ্ট প্রটেকচন ফ’চ বেটেলিয়নৰ হাবিলদাৰ জিতেন বাইলুং আৰু জাগীৰোড থানাৰ গৃহৰক্ষী জোৱান সূৰুয পাটৰ৷ তদুপৰি মনেশ্বৰ দাস নামৰ এজন ফার্মাচিষ্টকো এই ঘটনা সন্দর্ভত গ্রেপ্তাৰ কৰা হৈছে৷ যোৱা ২৩ জুনৰ নিশা পৰিকল্পিতভাৱে গুৱাহাটীৰ ৰে’লৱে কলনীৰ কালীবাৰীৰ বাসগৃহৰ পৰা অজিত দাসক অপহৰণ কৰি নিছিল এই অভিযুক্তকেইজনে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে অভিযান চলাই কার্বি আংলঙৰ পৰা অজিত দাসক উদ্ধাৰ কৰাৰ লগতে গ্রেপ্তাৰ কৰিছিল তিনিজনকৈ অপহৰণকাৰীক৷ ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত থকা আটাইকেইজনে ধনৰ লেনদেনৰ খেলিমেলি হেতু অজিত দাসক অপহৰণ কৰা বুলি স্বীকাৰ কৰিছিল৷ উল্লেখ্য যে ড্রাগ্ছ সৰবৰাহ তথা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত অজিত দাসকো আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷

Leave A Reply