Breaking

জনজাতিকৰণক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক বিলম্ব নকৰিবলৈ হুংকাৰ । চাবুৱাত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

0 1,396

তিনিচুকীয়া : উজনি অসমৰ অন্যতম ভুমিপুত্ৰ মটক জনগোষ্ঠীৰ জনজাতিকৰণক ধৰি ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক বিকাশৰ বাবে কোনো এখন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি সাম্প্ৰতিক সময়ত সংকটাপুৰ্ণ মটক জনগোষ্ঠীৰ অস্তিত্ব বৰ্তাই ৰখা আৰু সাংবিধানিক, ৰাজনৈতিক, ভু-সম্পদৰ অধিকাৰ সাব্যস্তকৰণ কৰিবৰ বাবে বজ্ৰকঠোৰ সিদ্ধান্ত গ্ৰ্হণ, সমাজ জীৱনৰ সময়পযোগীকৈ গঢ দিয়াকে ধৰি সৰ্বদিশৰ উপায় উদ্ভাৱন হেতু প্ৰতিষ্ঠা দিৱসখনি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে বুলি সভাৰ উদ্দেশ্য ব্যাখ্যাত তীব্ৰক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই। সেয়েহে সাম্প্ৰতিক সময়ত দেশজুৰি চলি থকা কৰ’ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰ্তি লক্ষ্য ৰাখি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পুৱা পতাকা উত্তোলন কৰে সংগঠৰ সভাপতি তুষাৰঞ্জন চেতিয়াই আৰু সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পিছতেই বৃক্ষ ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে সংগঠন উপ সভাপতি নিযুত বৰাই। ৩ শতাধিক মটক জনগোষ্ঠীৰ ৰাইজৰ উপস্থিতিত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তুষাৰ ৰঞ্জন চেতিয়াই কয় যে মটক জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে ল’ৰা-ধেমালি কৰিলে ২০২১ ইয়াৰ পৰিণাম ভয়াবহ হ’ব। মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই আঁ‌ত ধৰা মুকলি সভাৰ উদ্ধুধক হিচাপে বক্তব্য ৰাখে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা কল্যাণ বৰাই। মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক, বুদ্ধিজিৱী শৰৎ চন্দ্ৰ নেওগ। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোহাঁই, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, মটক ছাত্ৰ সন্থাৰ সভাপতি নীৰেন শইকীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক প্ৰতাপ মৰাণ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল, সদৌ কোচ যুৱ-ছাত্ৰ পৰিষদৰ উপ সভাপতি ৰাণা দত্ত, সাংগঠনিক সম্পাদক দিব্য পৱন বৰা, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱা, উক্ত প্ৰতিষ্ঠা দিৱসতেই পৰিষদৰ বাৰ্ষিক মুখপত্ৰ ‘বেংমৰা’ উন্মোচন কৰে তিনিচুকীয়া প্ৰেছ ক্লাৱৰ সভাপতি সৰুজ গোঁ‌হাই। বিশেষ সম্বৰ্দ্ধনা জনোৱা হয় জেষ্ঠ সাংবাদিক, সাহিত্যিক শৰৎ চন্দ্ৰ নেওগ, প্ৰকৃতি প্ৰেমি, বিচিত্ৰ ধৰিত্ৰী অসমৰ সভাপতি কিৰণ গগৈ, অসম চৰকাৰৰ বঁ‌টা প্ৰাপ্ত কৃষক ৰন্টু চেতিয়া, শিল্পী পেঞ্চনাৰ হেমন কোঁ‌ৱৰ, সাংস্কৃতিক, ক্ৰীড়া সংগঠক মৃদুপৱন চেতিয়াক সম্বৰ্দ্ধনা জনোৱা হয়। ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতৰ ১৪ জন সাংবাদিকক ক্ৰমে তিনিচুকীয়া অসমীয়া প্ৰতিদিন কাকতৰ ষ্টাফ ৰিপৰ্টাৰ হেমন্ত কুমাৰ শইকীয়া, দৈনিক জনমভুমি তিনিচুকীয়াৰ ষ্টাফ ৰিপৰ্টাৰ মনোৰঞ্জণ মৰান, চাবুৱাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক সৌৰভ জ্যোতি চেতিয়া, দৈনিক জনম ভুমিৰ অৰুন বৰপাত্ৰ, আমাৰ অসমৰ অনুপম বুঢাগোঁ‌হাই, অসমীয়া খবৰৰ পুষ্টক ফুকণ, Assam Talks ৰ দিব্য জ্যোতি লাহন, হিন্দী পুৰ্বোদয়ৰ বাপন পাল, পুৰ্বাঞ্চল প্ৰহৰীৰ ৰাজীৱ সিং, V& S ৰ ৰাহুল চক্ৰৱতী, দৈনিক জনম ভুমিৰ ডিকমৰ সাংবাদিক ধৰণী গগৈ, প্ৰতিদিন টাইম চাবুৱাৰ বিশ্বজিত ফুকণক সম্বৰ্ধনা জনোৱা হয়। আনহাতে আজি প্ৰতিষ্ঠা দিৱসতে মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰদান কৰা বেংমৰা ৰাজ্যৰ বীৰ সেনাপতি বীৰ পুৰুষ “মতাটুকুৰা বৰুৱা” বঁ‌টা ২০২০ মটক জনগোষ্ঠীৰ তথা অসমীয়া জাতিৰ সংগ্ৰামী নেতা অনুপ চেতিয়াক প্ৰদান কৰিবলৈ প্ৰস্তাৱ লোৱা হয় লগতে সভাই প্ৰস্তাৱ লয় যে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰুপে মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মহনক আনুষ্ঠানিকতাৰে দায়িত্ব অৰ্পণ কৰে।

Leave A Reply