Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান

ভৱানীপুৰৰ শংকৰদেৱ শিশু(Mausum Hazarika) নিকেতনৰ প্ৰেক্ষাগৃহত ‘পদ্মাপ্ৰিয়া সাহিত‍্য সাংস্কৃতিক গোষ্ঠী’য়ে বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ২০২৪ চনৰ ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান কৰে। এই উপলক্ষে এখন ফুলাম গামোছা, এটা স্মাৰক, এখন মানপত্ৰ আৰু এটা কিতাপৰ টোপোলা প্ৰদান কৰা হয়।

বঁটা গ্ৰহন কৰি হাজৰিকাই কয় যে, “ মই কবিতা লিখোঁ কাৰণ কবিতাই হৈছে মোৰ অনুভৱবোৰ সবাতোকৈ সঁচাকৈ প্ৰকাশ কৰাৰ এটা উপায়। বহুত কথা আছে যিবোৰ সাধাৰণ কথোপকথনত বা গদ্যৰে প্ৰকাশ কৰিব নোৱাৰি—সেইবোৰ কবিতাৰ জৰিয়তে ওলাই আহে। কবিতাই মোৰ চিন্তা, অনুভৱ আৰু জীবনৰ অভিজ্ঞতাবোৰ গভীৰভাৱে অনুভৱ কৰিবলৈ আৰু বুজিবলৈ সহায় কৰে। কবিতা কেৱল সৃষ্টিশীলতাৰ কথা নহয়, কবিতা মোৰ বাবে এটা ব্যক্তিগত প্ৰয়োজন—নিজক চিনিবলৈ, সময়ৰ সৈতে সংযোগ ৰাখিবলৈ আৰু আনৰ সৈতে অনুভৱৰ বন্ধন গঢ়িবলৈ এটা শক্তিশালী মাধ্যম।”

বঁটা প্ৰদান অনুষ্ঠানত আন কেবাগৰাকী ব‍্যক্তিকো বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত ভালেমান বিশিষ্ট ব‍্যক্তি আৰু সমাজকৰ্মী উপস্হিত থাকে।

Related Articles