Breaking

মায়ানগৰীৰ তাৰকাৰ দেহত ক’ভিড

0 1,043

অভিনেতা জ’ন আব্ৰাহাম আৰু পত্নী প্ৰিয়া ক’ভিড পজিটিভ হোৱাৰ পাছত এইবাৰ ছ’চিয়েল মিডিয়াত ক’ভিড পজিটিভ হোৱাৰ খবৰ মুকলি কৰিছে একতা কাপুৰে। ছবি আৰু ধাৰাবাহিক প্ৰযোজক তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰামত ক’ভিড সংক্ৰমণৰ কথা সদৰি কৰিছে।

সাৱধানতা অৱলম্বন কৰাৰ পাছতো ৪৬ বছৰীয়া ছবি নিৰ্মাতাগৰাকীয়ে ক’ভিডত আক্ৰান্ত হোৱা বুলি জনোৱাৰ উপৰি তেওঁৰ সংস্পৰ্শলৈ অহা আটাইকে পৰীক্ষণ কৰিবলৈ কৈছে। বৰ্তমানে কোৱাৰান্টাইন হৈ থকা একতাৰ আশুআৰোগ্য কামনা কৰিছে অভিনেতা বিক্ৰান্ত মেছী, মৌনী ৰয়, হিনা খান আদিয়ে। ইয়াৰ এদিন পূৰ্বে ইনষ্টাগ্ৰামত ক’ভিড সংক্ৰমণৰ কথা জনাইছিল হোম কোৱাৰান্টাইনত থকা অভিনেতা জ’ন আব্ৰাহামে।

Leave A Reply