Breaking

এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, ৰাইজৰ প্ৰতিবাদ

0 550

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নিচানৰচৰ কালাইৰদিয়া এম ই মাদ্ৰাছাত পোহৰলৈ আহিছে বিয়াগোম দুৰ্নীতিৰ তথ্য। শিক্ষানুষ্ঠান খনৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয়ৰ চৰকাৰী আৱন্টিত কেইবা লক্ষাধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। প্ৰাপ্ত অভিযোগ অনুসৰি ২০২০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ পোৱা তদানীন্তন প্ৰধান শিক্ষক চামাদ আলীয়ে হিচাব নিদিয়াকৈ প্ৰায় ১১ লাখ টকা আত্মসাৎ কৰি দ্বায়িত্বভাৰ বুজাই দিয়ে নৱ নিযুক্ত প্ৰাধান শিক্ষক নৈমুদ্দিন আহমেদক। সংশ্লিষ্ট বি ই অ, ট্ৰেজাৰী আৰু একাংশ গাওঁৰ মুখিয়ালক টকা দিয়া বুলি সাধাৰণ নোট বহীত লিখিয়েই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চামাদ আলীয়ে হজম কৰিলে প্ৰায় ১১ লাখ টকা। ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া, মধ্যাহ্ন ভোজন আদিৰ নামতো দেখুওৱা হৈছে খৰছ কিন্তু কোনেও পোৱা নাই হেনো ইউনিফৰ্ম কিম্বা মধ্যাহ্ন ভোজন। বিগত প্ৰায় পাঁচ মাহে বন্ধ হৈ আছে বিদ্যালয় খনৰ মধ্যাহ্ন ভোজন, ইয়াৰ উপৰিও চৰকাৰে বান্ধি দিয়া বিতৰণৰ নিৰ্দেশকো মনা নাই বৰ্তমানৰ প্ৰধান শিক্ষক নৈমুদ্দিন আহমেদে। মুঠতে অৱসৰী আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয় খনকে সাজিলে খীৰতি গাই, ৰাইজে এনেবোৰ দুৰ্নীতিৰ তদন্তৰ দাবীত শিক্ষা বিভাগ হায় হায়, প্ৰধান শিক্ষকৰ দুৰ্নীতি বন্ধ কৰক, দুৰ্নীতিৰ তদন্ত হব লাগিবই আদি শ্ল-গানেৰে সাৱ্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্ন হৈছে বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানতো কি সাহসত নমস্য শিক্ষকে চলায় এনে লুটপাতৰ কাৰচাজি ? ৰাইজে বিচৰা ধৰণে তদন্তৰ দিহা কৰিবনে শিক্ষা বিভাগে ? সেয়া হ’ব লক্ষণীয়।

Leave A Reply