Breaking

ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ বাসভৱনত সভা : কৃষি বিধেয়কৰ বিৰুদ্ধে হুলস্থুল কৰা সাংসদৰ ওপৰত কঠোৰ ব্যৱস্থা !

0 1,268

দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কৰ লৈ ৰাজ্যসভাত দেওবাৰে তোলপাৰ কৰে বিৰোধী সাংসদে ৷ এইসকল সাংসদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰে ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৱে ৷ সংবাদ প্ৰতিষ্ঠানৰ খবৰ মতে, এই হুলস্থূলৰ বাবে অতি বিৰক্ত অধ্যক্ষ ৷ দেওবাৰে ৰাজ্যসভাৰ বিৰোধী সাংসদৰ এই আচৰণক লৈ বাসভৱনত এক বৈঠক আহ্বান কৰে বেংকয়া নাইডুৱে ৷ তাত উপস্থিত আছিল ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ, ৰে’ল মন্ত্ৰী পীযুষ গোৱেল আৰু সংসদ বিষয়ক মন্ত্ৰী প্রহ্লাদ যোশী। উল্লেখ্য যে দেওবাৰে ৰাজ্যসভাত ধ্বনি ভোটত গৃহীত হয় কৃষি বিধেয়ক ৷ এই দুই বিধেয়ক কৃষক স্বাৰ্থৰ বিৰোধী বুলি ৰাজ্যসভাত কোৱাৰ পাচতে হুলস্থূলীয়া পৰিৱেশ কৰে বিৰোধীয়ে৷ এই বিধেয়কৰ বিৰোধিতা কৰি উপাধ্যক্ষ হৰিবংশ নাৰায়ণৰ চকীৰ দিশে যায় তৃণমূলৰ সাংসদ ডেৰেক ওব্ৰায়ান, কংগ্ৰেছ সাংসদ ৰিপুন বৰা, আপ সাংসদ সঞ্জয় সিং, ডিএমকেৰ ত্ৰিচুৰি শিবা ৷ উল্লেখ্য যে অধ্যক্ষৰ কামত বাধা দিলে কঠোৰ সিদ্ধান্ত ল’ব পাৰে অধ্যক্ষই ৷ আনকি কোনো সাংসদক নিলম্বন কৰিব পাৰে এই অধিৱেশনৰ কাৰণে ৷

Leave A Reply