Breaking

স্মৃতিগ্ৰন্থ ‘মৃত্যুঞ্জয়’ উন্মোচন

0 2,112

 যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত  গ্রাম্য ঔষধ ব্যৱসায়ীসকলৰ অতীত স্মৃতি ৰোমন্থনৰ  মানসেৰে দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ  সতী সাধনী কলা ক্ষেত্ৰত পঞ্চম বাৰ্ষিক অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে  পালন হয় । কাৰ্যসূচী অনুসৰি ৩১ অক্টোবৰৰ বিয়লি ৩-৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, ৪-৩০ বজাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু বিয়লি ৫-৩০ বজাৰ পৰা প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।  আনহাতে ১ নৱেম্বৰৰ পুৱা ৯-০০ বজাত পতাকা উত্তোলন  কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি মিণ্টু বৰাই । তাৰ পাছতেই স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া ১১-০০ বজাৰ পৰা  অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কেইবাজনো বৰেণ্য ব্যক্তি ।  উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকে  অৱসৰপ্ৰাপ্ত অধ্যাপক দীনেশ গগৈ, কেন্দ্ৰীয় সমিতিৰ সভাপতি  ৰাতুল শৰ্মা, শিৱসাগৰ জিলাৰ সমীৰ দেউৰা, পুতুল কাকতি, খুমতাই সমষ্টিৰ বিধায়ক  মৃণাল শইকীয়া,  জ্যেষ্ঠ ঔষধ পৰিদৰ্শক হৰেন্দ্ৰ নাথ শৰ্মা, যোৰহাটৰ ঔষধ পৰিদৰ্শক  জাহ্নৱী কলিতা ।  আনহাতে কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্যামল মহনে আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিগন্ত শৰ্মা, শিৱসাগৰ জিলাৰ মদন দত্ত, ঋতু ৰাজখোৱা, কৃষ্ণ কোঁৱৰ, কৌশিক ফুকন, দ্বীপেন মহন, বসন্ত বৰা, ৰাজীৱ খাটনিয়াৰ, পৱন ৰাজবংশী, ৰজনীকান্ত পাংগিং, জিন্টু কাকতি, ,গোলাঘাট জিলাৰ মিণ্টু বৰা, জিটু গগৈ আৰু অসমৰ প্ৰতি জিলাৰ সদস্যসমূহ । অনুষ্ঠানত কেইবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ।

Leave A Reply