Breaking

শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ মাজত বুজাবুজি চুক্তি…

0 18

শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আৰ্য বিদ্যাপীঠ কলেজৰ মাজত বুজাবুজি চুক্তি

যোৱা ২৯ এপ্ৰিলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাজকৰ্ম বিভাগ আৰু আৰ্য মহাবিদ্যালয়ৰ অক্ষমতা অধ্যয়ন বিভাগৰ মাজত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় । এই চুক্তিয়ে দুয়োটা শিক্ষানুষ্ঠানৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰমকে ধৰি অক্ষমতা অধ্যয়নৰ ওপৰত সহযোগিতামূলক গৱেষণা আৰু শিক্ষাক সামৰি ল’ব ।

এই বুজাবুজি চুক্তিত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) ড° নয়নমনি শইকীয়াৰহৈ সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ আৰু মহাবিদ্যালয়খনৰ হৈ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ ভট্টাচাৰ্যই স্বাক্ষৰ কৰে ৷

অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ সমাজকৰ্ম বিভাগৰ মুৰব্বী ড° দীপশিখা কাৰ্পেণ্টাৰ, মহাবিদ্যালয়খনৰ অক্ষমতা অধ্যয়ন বিভাগৰ মুৰব্বী ড° পংকজ জ্যোতি গগৈৰ লগতে অধ্যাপক-অধ্যাপিকাসকলে অংশ লয় ।

Leave A Reply