Breaking

স্মৃতি দিৱস আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতা অনুষ্ঠিত…

0 1,610

নবীন শৰ্মা স্মৃতিচৰাৰ উদ্যোগত, যোৱা ৭ আগষ্টত (ৰবিবাৰ) গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ত শিশুপ্ৰাণ নবীন শৰ্মাদেৱৰ মৃত্যুদিৱসটি,”স্মৃতিদিৱস” ৰূপে উদযাপন কৰা হয়।এই উপলক্ষে, বিয়লি ২ .০০ বজাত, প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীৰ মাজত আয়োজিত চিত্ৰাঙ্কণ প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে যোগদান কৰে। বিয়লি ৪-৩০ বজাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত, বিশিষ্ট অতিথি ৰূপে শ্ৰী কল্যাণ কুমাৰ দাস আৰু নিৰ্দিষ্ট বক্তাৰূপে শ্ৰীমতী অনুৰাধা দাস উপস্থিত থাকি শিশুপ্ৰাণ নবীন শৰ্মাদেৱৰ মধুৰ সান্নিধ্য সুঁৱৰি শিশুৰ জীৱন গঢ়াত তেখেতৰ অনবদ্য ত্যাগৰ বিষয়ে ৰাইজক অৱগত কৰে।

লগতে নবীন শৰ্মাদেৱৰ এটি আৱক্ষ মূৰ্তি স্থাপন আৰু মহানগৰীৰ এটি পথ নবীন শৰ্মাদেৱৰ নামেৰে অভিহিত কৰাত গুৰুত্ব আৰোপ কৰে। আৰম্ভণিতে জগদীশ শৰ্মাই বন্তি প্ৰজ্বলন কৰে। সাধাৰণ সম্পাদক ভাস্কৰকৌশিক আদৰণি ভাষণ আৰু সভানেত্ৰী ডঃ চয়নিকা শৰ্মাই শিশুপ্ৰাণৰ চমুপৰিচয়ৰ লগতে নবীন শৰ্মা স্মৃতিচৰাৰ কামৰ খতিয়ান ডাঙি ধৰে।

নমিতা ভট্টাচাৰ্য্য, নীলাক্ষি চক্ৰৱৰ্তী,আটলাণ্টা ভৰদ্বাজৰ গীত আৰু কৃশাণু কৌশিকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা আবৃত্তিৰে সজোৱা অনুষ্ঠানটিত সাংগঠিনক সম্পাদক জিতেন চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায়। শ্ৰী শৰৎ বৰুৱা আৰু ডঃ প্ৰদীপ শৰ্মা বিচাৰক ৰূপে থকা চিত্ৰাঙ্কণ প্ৰতিযোগিতাত ‘ক’ শাখাত প্ৰস্মিত প্ৰিয়ম বৰুৱাই প্ৰথম , বিকিৰাজ কাশ্যপে দ্বিতীয়,জীচা ডেকাই তৃতীয়,গুঞ্জন প্ৰধান,তৃষা দেবী আৰু ডেইজী বসুমতাৰীয়ে উদগণিমূলক ,”খ” শাখাত, এনি কাশ্যপে প্ৰথম, কপিল কৰ্মকাৰে দ্বিতীয়,প্ৰীতিশ নন্দ দাসে তৃতীয় আৰু দীপাংশু চেটাৰ্জীয়ে উদগণিমূলক পুৰস্কাৰ লাভ কৰে।

Leave A Reply