Breaking

বিশ্বনাথৰ ভীমাজুলিত এন.ডি এফ বিৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডত নিহত নিৰিহ লোকৰ স্মৃতিত স্মৃতিচাৰণ সভা

0 555

ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা এন.ডি .এফ বিয়ে ২০০৯ চনৰ ৪ অক্টোবৰত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলিত সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড ৷দেশজুৰি জোকাৰি যোৱা এই হত্যাকাণ্ডই ১২ জনকৈ নিৰিহ লোকৰ প্ৰাণ লৈছিল এন.ডি এফ বিৰ ঘাতক দলটোৱে ৷ আজিও পাহৰিব পৰা নাই কালসন্ধিয়াতে গুলিয়াই হত্যা কৰা সেই কৰুণ দৃশ্য ৷ অহৰ্নিশেই মানসপটত যেন ভাঁহি থাকে নিজ আত্মীয় স্বজনৰ মৃত্যুৰ বিভৎস বিভীষিকা ৷ সমগ্ৰ অঞ্চলজুৰি মৃত্যুৰ কিৰিলি ৷ ছানি ধৰিছিল ভয় , শংকা , শোকৰ ছাঁ ৷ মানুহৰ দুখ দুৰ্গতিৰ কোলাই পাচিয়ে নধৰা হৈছিল ৷ অতি নিষ্ঠুৰ আৰু নিৰ্দয়ভাবে ঘাতক বাহিনীয়ে এজন এজনকৈ আবালবৃদ্ধ বনিতাসহ ১২ জনকৈ লোকক গুলিয়াই হত্যা কৰে উগ্ৰপন্থীৰ দলটোৱে ৷ প্ৰানৰ মায়াত বহু লোক পলাই সাৰে ৷ পিছ মুৰ্হুতত অত তত পৰি ৰৈছিল কেচা তেজৰ নিথৰ শৰীৰ ৷ তেজৰ ডোঙা বান্ধিছিল ঠায়ে ঠায়ে ৷ কৰুণ আৰু ভয়াবহ দৃশ্যই যেন থৰ লাগি ৰৈছিল ভীমাজুলিবাসী ৷ ১২ জনকৈ লোকৰ চিতা জ্বলা নৰ সংহাৰী এই ঘটনাই ১৩ বছৰ অতিক্ৰম কৰিলে ৷ সুদীৰ্ঘ দিনৰ বিৰতিত অঞ্চলটোত এতিয়া শান্তিৰ পৰিবেশ বিৰাজমান ৷ পুৰ্বৰ শান্তি সম্প্ৰতি যেন পুনৰ ঘুৰি আহিছে ৷


ৰাজ্যত আজি তিনিদিন ধৰি অব্যাহত আছে শাৰদীয় দুৰ্গোৎসৱ ৷ নৱমীৰ পুজাৰ সমান্তৰালকৈ ১২ জনকৈ নিৰিহ লোকৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে উদ্যোক্তা সকলে আয়োজন কৰে এক স্মৃতিচাৰন সভাৰ ৷ সভাৰ শ্বহীদবেদীত স্বৰ্গগামী নিজ আত্মীয় স্ব-জনক সোঁৱৰি বন্তি প্ৰজ্বলন তথা এটুপি অশ্ৰু অঞ্জলিৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে শোকসন্তপ্ত পৰিয়াল আত্মীয় -স্বজন তথা স্থানীয় ৰাইজ ৷ ভবিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাই অঞ্চলবাসীয়ে ৷

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ প্ৰতিবেদন

Leave A Reply