Breaking

বৰপেটাৰ ব্যাসকুছিৰ বিশিষ্ট লেখক, কবি মথুৰ ডেকাৰ স্মৃতিচাৰণ সভা

0 2,086

সুলেখক, কবি তথা সমাজ সচেতক মথুৰ ডেকাৰ দেহাৱসানৰ প্ৰথমটি বৰ্ষ অতিক্ৰম হয়। সেই উপলক্ষে তেওঁৰ বাসগৃহতে ৭ জানুৱাৰীত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। ব্ৰজেন ডেকাই সভাপতিত্বত আৰু প্ৰয়াত লেখক  গৰাকীৰ একমাত্ৰ পুত্ৰ ধীৰু ডেকাই আতঁ ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেওঁৰ চিন্তা আৰু কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে সু সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই। সভাত মধুৰ ডেকাৰ চিন্তা, কৰ্মৰাজীৰ ওপৰত বিভিন্নজনে লেখা “প্ৰীতি আৰু স্মৃতি” নামেৰে এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। পূৱ বৰপেটাৰ ব্যাসকুছিৰ সুলেখক গৰাকীৰ  সৃষ্টিৰাজিয়ে বৰপেটা অঞ্চলত অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাত অৱদান  যোগাইছে ।  উল্লেখযোগ্য যে, ২০২০ চনৰ ১৮ ডিচেম্বৰত লেখক গৰাকীৰ দেহাৱসান ঘটিছিল। জীৱিত কালত সাহিত্য, সমাজ, সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে আছিল। সমাজ সংস্কাৰকামী , অতি অমায়িক আৰু সহজ- সৰল ব্যক্তিত্বৰ অধিকাৰী আছিল মথুৰ ডেকা। ব্যাসকুছি তথা পূৱ বৰপেটা, ব্যাসকুছি সন্দৰ্ভত তেওঁ বহু সমৃদ্ধিশালী তথ্যসম্বলিত লিখনি, গ্ৰন্থ আমাৰ মাজত দি গৈছে। প্ৰয়াত লেখক মথুৰ ডেকাই লিখা লেখা গ্ৰন্থ সমুহ হৈছে – চাউলখোৱা পাৰৰ দুখৰ কবিতা, সপ্তম, শ্ৰী শ্ৰী ভট্টদেৱ প্ৰতিষ্ঠাপিত ব্যাসকুছি সত্ৰৰ ইতিবৃত্ত( সম্পাদিত), ব্যাসকুছি সাহিত্য সুবাস, অসম বাইৰণ দিনবন্ধু তালুকদাৰ (সম্পাদিত), বৈকুণ্ঠনাথ, চাউলখোৱা পাৰৰ সংস্কৃতি। এই গ্ৰন্থসমূহৰ লগতে বহু কবিতা, প্ৰৱন্ধ লিখি সাহিত্য জগতৰ লগতে পূৱ বৰপেটাবাসীৰ বাবে জ্ঞানৰ ভঁৰাল চহকী কৰি গৈছে। ইয়াৰোপৰি তেওঁ এগৰাকী ভাল শিক্ষকো আছিল। লেখক গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ উদ্দেশ্যে কালি তেওঁৰ বাসগৃহতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হৈ যায়। তেওঁৰ বিষয়ে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰে।

Leave A Reply