Breaking

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দয়াল দাস পাণিকাৰ স্মৃতি যুগমীয়াৰ্থে

0 4,001

অসমত বসবাস কৰা এশৰো অধিক চাহ জনগোষ্ঠীৰ আদিবাসী সম্প্রদায় বিভিন্ন জাতি উপজাতি সকলক লৈ ৰাজ্যিক ভিত্তিত। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা নামেৰে এটি সংগঠনে  ২০০৩ চনৰ ৬ এপ্রিল তাৰিখে  গঠন হৈছিল  ৷ ওদালগুৰিতো এই সংগঠনটোৰ  জিলা সমিতিয়ে চাহ জনগোষ্ঠী ৰাইজৰ হকে কাম কৰি আছে।  চাহ  জনগোষ্ঠী জাতীয় মহাসভা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা অসমৰ শ্ৰম মন্ত্ৰীক ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানাত ব্ৰিটিছৰ  পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ ব্ৰিটিছৰ গুণী বুকু পাতি যোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ এগৰাকী অন্যতম হল দয়াল দাম পাণিকা ৷এই বীৰ শ্বহীদ গৰাকীৰ  বংশ পৰিয়াল বর্তমান ওদালগুৰি জিলাৰ মাজৰাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌতা গাওঁত বসবাস কৰি আছে।এইজন বীৰ শ্বহীদ দয়াল দাস পাণিকাৰ  যুগমীয়াৰ কৰিবৰ বাবে চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ওদালগুৰি জিলা সমিতিৰ ৫ টা দাবী সমূহ  শ্ৰম মন্ত্ৰীক  জ্ঞাতাৰ্থে আৰু সমাধানৰ আশাৰে  দৃষ্টিগোচৰ কৰা হ’ল,আমাৰ দাবী সমূহ ক্ৰমে -যিহেতু এই শ্বহীদ পৰিয়ালটি মাজবাটতে বসবাস কৰি আছে সেয়ে  শ্বহীদ গৰাকীৰ নাম যুগমীয়া কৰি ৰাখিবলৈ ইতিমধ্যে নির্মাণ কৰা মাজবাট মহলীয়াপাৰা আদর্শ চিকিৎসালয় নামটো শ্বহীদ দয়াল দাস পাণিকাৰ আদর্শচিকিৎসালয়ৰ নামাকৰণ হব লাগে, মাজবাটত শ্বহীদ দয়াল দাম পাণিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগভে এহেজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে দাবী, যোৱা  ২০১৭ চনৰ ১৯ আগষ্ট তাৰিখে বলিদান দিৱসৰ দিনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী  সর্বানন্দ সোনোৱাল দেৱৰ উপস্থিত ঢেকীয়াজুলী স্বহীদ বাকৰিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শ্বহীদ পৰিমাণ বৰ্গক  একালীন ৫ লাখ  টকাৰ আর্থিক সাহায্য দিয়াৰ ঘোষনা কৰিছিল ৷যদিও আজি চাৰি বছৰে এই পৰিয়ালটো কোনো ধৰণৰ  সাহায্য নাপালে। গতিকে বিভাগীয় কর্তৃপক্ষৰ পৰা শ্বহীদ পৰিয়ালটি আর্থিক সাহায্য   লগতে পৰিয়ালটির এজন সদস্য কর্ম সংস্থাপন দিয়াৰ ব্যৱস্থা শীঘ্ৰে কৰিবলৈ দাবী জনোৱা হ’ল। গতিকে  ভাৰত ভ্যাগ আন্দোলন এগৰাকী অগ্রণী শ্বহীদ দয়াল দাস  পাণিকাৰ বিষয়টো সহানুভুতিৰে বিবেচা কৰি সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি কৃতার্থ কৰিবলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰামকৰণ গোড় আৰু সম্পাদক লাধু লোহাৰৰ স্বাক্ষৰিত স্মাৰক পত্ৰখন ২১ছেপ্তেম্বৰত প্ৰদান কৰে ৷

Leave A Reply